মালয়েছিয়াত কুকুৰক ৰং কৰি বাঘৰ ৰূপ দিলে ক্ষুব্ধ পশুপ্ৰেমীয়ে

8sfk1db8 dog painted like

এটা কুকুৰক ৰং কৰি বাঘৰ ৰূপ দিবলৈ কৰা চেষ্টাৰ পাছতে মালয়েছিয়াত একাধিক পশুপ্ৰেমী সংগঠনে তীব্ৰ উষ্ম প্ৰকাশ কৰিছে । কুকুৰটোৰ শৰীৰত ক’লা আৰু কমলা ৰঙৰ ব্যৱহাৰৰে বাঘৰ ৰূপ দিবলৈ কোনো দুষ্ট প্ৰকৃতিৰ লোকে চেষ্টা কৰাই নহয় কুকুৰটোৰ একাধিক ছবি তুলি ৰাজহুৱা কৰিছিল।

ADVERTISEMENT

পশুৰ সুৰক্ষাৰে জড়িতসকলে এই ঘটনাৰ অভিযুক্তৰ সন্দৰ্ভত তথ্য বিচাৰি ৰাইজলৈ আহ্বানো জনাইছে । কুকুৰটোৰ শৰীৰত ৰং কৰাৰ ক্ষেত্ৰত দায়প্ৰাপ্তক পশুৰ সুৰক্ষাৰে জড়িতসকলে তীব্ৰভাৱে সমালোচনা কৰি কয় যে এনে কাৰ্যৰ দ্বাৰা কুকুৰটো ক্ষতিকাৰক পদাৰ্থৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে ।কিয়নো ৰং বনোৱাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা ৰাসায়নিক দ্ৰব্য শৰীৰৰ ক্ষতি কৰাটো প্ৰায় নিশ্চিত ।

তদুপৰি এনেদৰে শৰীৰত ৰং কৰাৰ ফলত পৰৱৰ্ত্তী পৰ্যায়তো কুকুৰটোৱে যথেষ্ট হাৰাশাস্তিৰ সন্মুখীন হ’ব । হেল্প এনিমেল মালয়েছিয়া নামৰ এটা সংগঠনে দুষ্কাৰ্য কৰাজনৰ সন্দৰ্ভত তথ্য যোগান ধৰিলে পুৰস্কাৰ প্ৰদানৰো আশ্বাস দিছে । বাঘৰ ৰূপ লোৱা কুকুৰটোৰ ছবিখন সম্প্ৰতি ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ফেচবুকত তিনি হেজাৰৰো অধিকজনে এই ছবিখন শ্বেয়াৰ কৰিছে ।

Exit mobile version