- অৰুণাচল চৰকাৰে ৰাজ্যখনত প্ৰৱেশ কৰিবলগীয়া প্ৰৱেশ পথ সমূহত ৰেপিড এণ্টিজেন টেষ্টৰ জৰিয়তে ভ্ৰমণকাৰী সকলৰ কৰ’নাৰ পৰীক্ষা কৰিব । এই টেষ্টত লোকসকলৰ ফলাফল নিগেটিভ আহিলে তেওঁলোকক মুক্তভাৱে চলাচল কৰিবলৈ দিয়া হ’ব আৰু ফলাফল প’জিটিভ আহিলে হোম আইছ’লেশ্যন কৰা হ’ব ।
- আগষ্ট মাহত GST ৰাজহ সংগ্ৰহ ৮৬,৪৪৯ কোটি টকা হ্ৰাস পাইছে বুলি মঙলবাৰে উল্লেখ কৰিছে বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে । লগতে সীতাৰমনে কয় যে চলিত আগষ্ট মাহত জি এছ টি কৰ সংগ্ৰহ ২০১৯ বৰ্ষৰ তুলনাত ৮৮ শতাংশ হ্ৰাস পাইছে ৷
- JEE আৰু NEET পৰীক্ষাৰ্থীসকলৰ বাবে মুম্বাইৰ ৱেষ্টাৰ্ণ ৰে’লৱে ৪৬ খন অতিৰিক্ত বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । এই বিশেষ ৰে’ল সমূহ ছেপ্তেম্বৰৰ ১ তাৰিখৰ পৰা ৬ তাৰিখলৈ চলোৱা হ’ব বুলিও ৱেষ্টাৰ্ণ ৰে’লৱে জানিবলৈ দিয়ে ।
- চলিত বৰ্ষৰ নৱেম্বৰ মাহৰ পৰা ৰাজ্যত মাদ্ৰাছা আৰু সংস্কৃত টোলসমূহ নাথাকিব ৷ সদনতএই ঘোষণা কৰিছে মন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে মন্ত্ৰী শৰ্মাই কয় যে মাদ্ৰাছা সংস্কৃত টোলৰ শিক্ষকসকলক ওচৰৰ হাইস্কুলৰ লগত সংলগ্ন কৰা হ’ব । সেয়েহে মাদ্ৰাছা আৰু কেতিয়াও প্ৰাদেশিকীকৰণ নহয়।
- ভাৰতীয় ক্ৰিকেট কন্ট্ৰ’ল বৰ্ডে আইপিএলৰ সময়ত ২০,০০০ কৰ’না টেষ্ট কৰাৰ প্ৰস্তুতি কৰিছে ৷ ইয়াৰ কাৰণে বিচিচিআইয়ে ১০ কোটি টকা ব্যয় কৰিব ৷ আনহাতে আইপিএলৰ সময়ত ৫দিনৰ অন্তৰে অন্তৰে প্ৰতি জন খেলুৱৈৰ কৰ’নাৰ টেষ্ট হ’ব ৷
- ৰাজ্যত পুনৰ ২৬৮৪গৰাকী লোকৰ শৰীৰত ক’ভিড-১৯ পজিটিভ চিনাক্ত হৈছে ৷ ইয়াৰে কামৰূপ মহানগৰৰ ৬১৮, কাছাৰৰ ১৭৪, ডিব্ৰুগড়ৰ ১৫৭ আৰু যোৰহাটৰ ১৪১ জন ব্যক্তি । কৰ’নাত মৃতকৰ সংখ্যা ৩১৫লৈ বৃদ্ধি পাইছে । ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পালে ১,১১,৭২৪ জনলৈ ।