বাৰে বাৰে কন্যা সন্তান কিয়?

New Born Baby
ADVERTISEMENT

যি সময়ত দেশত “বেটী পঢ়াও বেটী বচাও” শ্ল’গানৰে দেশৰ কন্যাসকলক সৰ্বতো প্ৰকাৰে আগুৱাই নিয়াৰ চেষ্টা কৰিছে, সেইসময়তে কৰিমগঞ্জৰ কালিগঞ্জত সংঘটিত হৈছে এটা হত্যাকাণ্ড ৷ বাৰে বাৰে পত্নী ছালমা বেগমে কন্যা সন্তান জন্ম দিয়াৰ খঙত নিজৰ নমহীয়া কন্যা সন্তানক হত্যা কৰি কবৰ দিলে উছমান আলিয়ে ৷ অৱশ্যে আদালতৰ নিৰ্দেশত আজি কবৰৰ পৰা মৃতদেহটো উলিওৱা হয় ৷

ঘটনাৰ বিৱৰণ অনুসৰি আঠ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল উছমান আলি আৰু ছালমা বেগমৰ ৷ কিন্তু পুত্ৰ সন্তানৰ আশা কৰি ছালমাৰ ঘৰত জন্ম হৈছিল চাৰিগৰাকীকৈ কন্যা সন্তানৰ ৷ এই বিষয়টোক লৈ স্বামী-স্ত্ৰীৰ মাজত কাজিয়াৰ সূত্ৰপাত হৈছিল । কিন্তু শনিবাৰে ছালমাৰ ওপৰত শাৰীৰিক নিৰ্যাতনৰ মাত্ৰাৰ পৰিমাণ বৃদ্ধি হৈছিল ।

ইয়াৰ পিছত ছালমাই আশ্ৰয় লৈছিল পিতৃগৃহত ৷ ইপিনে উছমান আলিয়ে ফোনযোগে ছালমাক জনাইছিল যে তেওঁলোকৰ নমহীয়া কন্যা সন্তানটিৰ মৃত্যু হৈছে। ইয়াৰ লগে লগে ছালমাই আৰক্ষীৰ ওচৰত স্বামী উছমানৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে ৷ আৰু ইয়াৰ পিছতে উন্মোচিত হয় এই অভাৱনীয় কাণ্ড ৷

আনহাতে অভিযুক্ত উছমান আলি বৰ্তমান পলাতক অৱস্থাত আছে ৷ আৰু এই সমগ্ৰ ঘটনাৰ কেন্দ্ৰ কৰি কালিগঞ্জত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । সম্প্ৰতি আৰক্ষীয়ে উছমান আলিৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত ল’ব সেয়া হ’ব লক্ষ্যণীয় ৷

Exit mobile version