ৰিয়া চক্ৰৱৰ্তীক সমৰ্থন কৰি অভিনেত্ৰী লক্ষ্মী মাঞ্চুৰ টুইট

Taapsee Pannu Supports Rhea Chakraborty After Lakshmi Manchu Writes a

ৰহস্যৰ আৱৰ্ত্তত সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা । সুশান্তৰ অনুৰাগী সকলে ছ’চিয়েল মিডিয়াৰ যোগেদি উচিত ন্যায় বিচাৰিছে । সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই আছে চি বি আই উচিত তদন্তলৈ । এই ঘটনাৰ আঁৰত সকলোৱে সুশান্তৰ বান্ধৱী ৰিয়া চক্ৰৱৰ্তীকে দোষী সাব্যস্ত কৰিছে । ৰিয়াক লৈ সকলোৱে নানা ধৰণে ট্ৰ’ল কৰিছে । কিন্তু এগৰাকী অভিনেত্ৰীয়ে ৰিয়াক সমৰ্থন কৰি টুইট কৰে ।

তামিল অভিনেত্ৰী লক্ষ্মী মাঞ্চুৱে টুইটাৰত লিখে, ‘ মই ৰিয়াৰ সম্পূৰ্ণ সাক্ষাৎকাৰটো চাইছো । এই সাক্ষাৎকাৰটো চোৱাৰ পিছত মই এই বিষয়ে বক্তব্য আগবঢ়াম নে নাই বহুত বাৰ চিন্তা কৰিলো । সংবাদ মাধ্যমে এগৰাকী ছোৱালীক ৰাক্ষস বনাই দিছে যিটো দেখিও বহু লোক নিমাত ।’

লগতে লিখে, ‘তেওঁ সত্য কি নাজানে কিন্তু আচল সত্য কি সেইটো জানিব বিচাৰে । আচল সত্য এদিন নিজেই সন্মুখলৈ আহিব । সুশান্তৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত তদন্ত কৰা সকলো তদন্তকাৰী সংস্থাৰ ওপৰত তেওঁৰ দৃঢ় বিশ্বাস । ৰিয়াৰ পৰিয়ালৰ মৰ্ম বেদনা মই উপলব্ধি কৰিবলৈ পাৰিছো ।তেওঁলোকক নানা ধৰণে ট্ৰ’ল কৰা হৈছে।’

লগতে অভিনেত্ৰী গৰাকীয়ে কয়, ‘যদি মোৰ ক্ষেত্ৰত এনেকুৱা কিবা হ’লহেতেন তেনেহ’লে মই বিচাৰো মোৰ সহকৰ্মী মোৰ কাষত থিয় হওক আৰু প্ৰকৃত ঘটনা পোহৰলৈ নহালৈকে মানসিক অত্যাচাৰ নকৰিবলৈ তেওঁলোকে বাধা দিয়ক।’

এই টুইটটোক সমৰ্থন কৰি মন্তব্য আগবঢ়াইছে অভিনেত্ৰী তাপসী পন্নুৱে তেওঁ লিখে, ‘মই সুশান্তক ব্যক্তিগত ভাৱে নাজানো কিন্তু ৰিয়াক মই ভালকৈ জানো । সকলোৱে আদালতৰ ন্যায় লৈ অপেক্ষা কৰা উচিত । আইনৰ বিৰুদ্ধে গৈ কাৰোবাক দোষী সাব্যস্ত কৰা অনুচিত ।’

Exit mobile version