উফ! বৰ গৰম

aircraft 1200 insta

সততে বিমানবন্দৰত হোৱা বিভিন্ন ঘটনাই আমাক আছৰিতো কৰে বা কেতিয়াবা আমোদো দিয়ে ৷ শেহতীয়াকৈ ইউক্ৰেইনত সংঘটিত হ’ল এটি আমোদজনক লগতে ভয়ংকৰ ঘটনা ৷ ইউক্ৰেইনৰ পৰা তুৰ্কীৰ বিমানবন্দৰত এগৰাকী মহিলাৰ হঠাতে বিমানৰ ভিতৰতে অনুভৱ হয় প্ৰচণ্ড গৰম ৷

বিমানৰ পৰিচাৰিকাক এই বিষয়ে জনাও কোনো সহাৰি নোপোৱাত মহিলা গৰাকীয়ে ল’লে এক বিশেষ পদক্ষেপ ৷ মহিলাগৰাকীয়ে হঠাতে বিমানখনৰ জৰুৰীকালীন খিৰিকিখন খুলি বাহিৰলৈ ওলাই যায় ।

Video Source: Boryspilchany

ইয়াৰ পিছত মহিলা গৰাকীয়ে বতাহ ল’বলৈ বিমানৰ পাংখাত বিচৰণ কৰিবলৈ ধৰে ৷ এই ঘটনাৰ সন্দৰ্ভত বিমান বন্দৰৰ কৰ্তৃপক্ষই জানি ততালিকে ব্লেকলিষ্টেড কৰে মহিলাগৰাকীক ।

এই সমগ্ৰ ঘটনা সন্দৰ্ভত বিমানৰ অন্য এগৰাকী যাত্ৰীৰ মতে “ইউক্ৰেইন বিমান বন্দৰত বিমান ৰখোৱাৰ পিছতেই বিমানখনৰ পৰা সকলো যাত্ৰী ওলাই যায় ৷ মহিলাগৰাকীও পিছে পিছে ওলাই গৈছিল যদিও অকস্মাৎ তেওঁ বিমানৰ জৰুৰীকালীন খিৰিকিখনেৰে বিমানৰ পাংখাত উঠেগৈ । সেই সময়তে বিমানৰ বাহিৰত দুটি শিশু আচৰিত হৈ কৈছিল “সেয়া আমাৰ মা”৷

মহিলাগৰাকীৰ এনে কাণ্ডৰ কাৰণে তথা বিমানৰ নিয়ম উলংঘা কৰাৰ কাৰণে বিমানবন্দৰ কৰ্তৃপক্ষই ব্লেকলিষ্টেড কৰে । লগতে কৰ্তৃপক্ষই ইতিমধ্যে মহিলাগৰাকীক জৰিমনা বিহিবলৈও বিভাগীয় কৰ্তৃপক্ষক দাবী কৰিছে ।

উল্লেখযোগ্য যে মহিলাগৰাকীয়ে নিজৰ এই কাৰ্যক লৈ স্পষ্টীকৰণ দিব পৰা নাই । তেওঁ কেৱল বিমানৰ ভিতৰত অধিক গৰম লগাৰ কাৰণে এনেধৰণৰ পদক্ষেপ ল’লে বুলি মন্তব্য কৰিছে। অৱশ্যে মহিলাগৰাকীয়ে কোনো নিচা জাতীয় দ্ৰব্য সেৱন কৰি থকা নাছিল ৷

Exit mobile version