চলিত পষেকতে আত্মপ্ৰকাশ আছুৰ দলৰ

156600 aasu ajycp advisory committee submits report

চলিত পষেকৰ ভিতৰতে আত্মপ্ৰকাশ কৰিব আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গঠন হ’বলগীয়া নতুন ৰাজনৈতিক দলটোৱে ৷ আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ১৯ আগষ্টত গঠন কৰা অসম পৰামৰ্শদাতা সমিতিয়ে ৪৫ পৃষ্ঠা জোৰা প্ৰতিবেদন দাখিল কৰে । এই সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰি লুৰিণজ্যোতি গগৈয়ে কয় “ৰাজ্যত ক্ৰমে ধূষৰ হৈ পৰা শৈক্ষিক, ৰাজনৈতিক তথা আৰ্থ সামাজিক দিশৰ উত্তৰণৰ স্বাৰ্থত বিজ্ঞানসন্মতভাৱে পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ পৰামৰ্শ প্ৰদানৰ উদ্দেশ্যে আছু আৰু যুৱ ছাত্ৰ পৰিষদে গঠন কৰি দিয়া “অসম পৰামৰ্শ দাতা সমিতিয়ে” ৪৫ পৃষ্ঠাৰ প্ৰতিবেদন দাখিল কৰিছে। এই প্ৰতিবেদন দাখিল কৰে বসন্ত ডেকা আৰু কৃষ্ণ গোপাল ভট্টাচাৰ্যই ।

আনহাতে প্ৰতিবেদনখন অধ্যয়নৰ পিছতে সকলো বিষয় ৰাজহুৱা কৰা হ’ব। সময় সাপেক্ষে কাৰ্যসূচীৰে প্ৰতিবেদন যুগুত কৰি দিয়াৰ বাবে সকলো সদস্যক ধন্যবাদ জ্ঞাপন কৰি গগৈয়ে পুনৰ কয় পৰামৰ্শদাতা সমিতিয়ে দাখিল কৰা প্ৰতিবেদনত সন্নিবিষ্ট পৰামৰ্শৰ আধাৰত পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰা হ’ব ।

উল্লেখযোগ্য যে চলিত পষেকৰ ভিতৰতে প্ৰস্তাৱিত ৰাজনৈতিক দলটোৰ নাম ঘোষণা কৰিব আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। অৱশ্যে পূৰ্ণ পৰ্যায়ৰ দল গঠনৰ বাবে অক্টোবৰলৈকে অপেক্ষাৰ অন্ত নাই।বিশেষকৈ আছুৰ সমাগত অধিবেশনৰ পাছতহে প্ৰস্তাৱিত দলটোৰ নেতৃত্বত কোন থাকিব সেয়া স্পষ্ট হ’ব বুলি পৰামৰ্শ সমিতিৰ এক সূত্ৰই জনায় ৷

সূত্ৰটোৱে জনোৱা মতে অহা অক্টোবৰত তৈলনগৰী দুলীয়াজানত অনুষ্ঠিত হ’ব আছুৰ কেন্দ্ৰীয় অভিৱৰ্তন। এই অভিৱৰ্তনতে৷আছুৰ পৰা অব্যাহতি ল’ব বৰ্তমানৰ সভাপতি দীপাংক কুমাৰ নাথে আৰু সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে ৷অহা পাঁচ ছেপ্তেম্বৰত দুলীয়াজানত অনুষ্ঠিত হ’ব লগীয়া আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাতে ইয়াৰ বাবে অভ্যথৰ্না সমিতি গঠন কৰা হ’ব বুলি সূত্ৰটোৱে জনায়।

Exit mobile version