তেজপুৰত কিশোৰীৰ ৰহস্যজনক মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি

IMG 20200903 WA0061

তেজপুৰৰ বৰঘাট ঝাৰণি অঞ্চলত যোৱাকালি নিশা নেহা ধনোৱাৰ নামৰ এগৰাকী ১১বছৰীয়া কিশোৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি বিয়লি এক উত্তপ্ত পৰিস্থিতিৰ উদ্ভৱ হয় ৷ স্হানীয় ৰাইজে নপামত কিশোৰীগৰাকীৰ মৃতদেহ লৈ পথ অৱৰোধ কৰে ৷

কিশোৰী গৰাকীৰ মাতৃৰ লগতে ভালুকঝাৰণি অঞ্চলৰ জাহেদ আলি নামৰ লোকজনে কিশোৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰি দুই অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী কৰি স্হানীয় ৰাইজে পৰিস্থিতি উত্তাল কৰি তোলে ৷

উল্লেখযোগ্য যে, যোৱাকালি সন্ধিয়া প্ৰায় ৬-৩০বজাত কিশোৰী গৰাকীক ঘৰৰ ভিতৰত চিপলৈ থকা অৱস্থাত উদ্ধাৰ কৰা হৈছিল ৷ কিন্তু স্হানীয় ৰাইজে অভিযোগ কৰে যে কিশোৰী গৰাকীৰ মাক ৰাহিন ধনোৱাৰে চুলাই মদৰ বেপাৰ কৰিছিল আৰু ইয়ালৈ প্ৰায়ে অহা জাহেদ নামৰ লোকজনৰ স’তে অবৈধ সম্পৰ্ক আছিল ৷

উল্লেখযোগ্য যে মহিলাগৰাকীৰ স্বামী কৃষাণ ধানোৱাৰৰ ইতিমধ্যেই মৃত্যু ঘটিছে স্হানীয় কাবিলাবাদ হাইস্কুলৰ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী নেহাই এই অবৈধ সম্পৰ্কৰ বিষয়ে গম পোৱাৰ বাবেই যোৱাকালি কিশোৰীগৰাকীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়া হয় ৷ যোৱা নিশা মৃতদেহ উদ্ধাৰ কৰাৰ পিছতে আৰক্ষীয়ে অভিযুক্তা মহিলাগৰাকীকো আটক কৰে ৷

ইপিনে আজি তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয় হাস্পতালত কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত বিয়লি মৃতদেহলৈ স্হানীয় একাংশ লোকে বৰঘাট আৰক্ষী থানাত উপস্থিত হৈ আনজন অভিযুক্ত জাহেদক গ্ৰেপ্তাৰৰ দাবী তোলে ৷ ইয়াৰ পাছত নপাম কেন্দ্ৰৰ সমীপত পথত কিশোৰীগৰাকীৰ মৃতদেহ লৈ পথত জুই জলাই বিয়লি প্ৰায় তিনিবজাৰ পৰা পাঁচ বজালৈকে পথ অৱৰোধ কৰে ৷

ৰাইজৰ অভিযোগ, দুই অভিযুক্ত হত্যাকাৰীৰ বিৰুদ্ধে স্হানীয় বৰঘাট আৰক্ষীৰ ভূমিকা সন্তোষজনক নহয় ৷ আনজন অভিযুক্ত জাহেদক গ্ৰেপ্তাৰৰ দাবী জনাই শতাধিক পুৰুষ মহিলাই দুঘন্টাৰ অধিক সময় পথ অৱৰোধ কৰাৰ পাছত তেজপুৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজক এই ঘটনাৰ উচিত তদন্ত হোৱাৰ আৰু জড়িত কাকো ৰেহাই দিয়া নহয় বুলি প্ৰতিশ্ৰুতি দিয়াৰ পাছতহে ক্ষোভিত ৰাইজে অৱৰোধ প্ৰত্যাহাৰ কৰে ৷

ইয়াৰ উপৰিও বৰঘাট আৰক্ষী চকীৰ দুৰ্বলতাৰ বাবেই নপামকে ধৰি পাৰ্শ্বৱৰ্তী অঞ্চলত নকলসোন, জুৱা, ড্ৰাগছ, সুৰাৰ চোৰাং বেহাৰ লগতে বিভিন্ন অপৰাধমূলক ঘটনা সংঘটিত হৈ থকা বুলি ৰাইজে অভিযোগ কৰে ৷

Exit mobile version