নমস্কাৰঃ কৰ’নাৰ সমান্তৰালকৈ প্ৰসাৰিত হৈছে ভাৰতীয় সংস্কৃতি

rajnath singh 1

কৰ’না মহামাৰী বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে ভাৰতৰ লগত বিদেশত প্ৰসাৰিত হৈছে ভাৰতীয় সংস্কৃতি। কৰ’না মহামাৰীৰ কাৰণে পূৰ্বৰ দৰে এতিয়া হেণ্ডশ্বেক দিয়াৰ পৰিৱৰ্তে সকলোৱে আগন্তুকক নমস্কাৰ দি সম্ভাষণ জনায়। শেহতীয়াকৈ দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং Shanghai Cooperation Organization ত অংশ ল’বলৈ গৈছিল ৰুছলৈ ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ বুধবাৰে উপস্থিত হয় মস্কোত ৷ ইয়াৰ পিছতে তেওঁৰ এটা ভিডিঅ’ এতিয়া সৰ্বত্ৰে ভাইৰেল হৈ পৰিছে ৷ এই ভিডিঅ’টোত ৰাজনাথ সিঙে ৰুচৰ এজন বিষয়াক হেণ্ডচেক দিয়াৰ পৰিৱৰ্তে হাত কৰ যোৰ কৰি নমস্কাৰ কৰিছে । অৱশ্যে এনেদৰে নমস্কাৰ দিয়া এইয়াই প্ৰথম নহয় ৷ বিগত দিনত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পক নমস্কাৰ দিয়া দেখা গৈছিল ৷

উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে SCOৰ এই বৈঠকখনৰ দ্বাৰা দুয়োখন দেশৰ মাজত প্ৰতিৰক্ষাৰ ক্ষেত্ৰত সহযোগ বৃদ্ধি কৰিবলৈ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব ।

ইয়াত ভাৰত, ৰুছ, কাজাখাস্তান, চীন, পাকিস্তান, তজিকিস্তানৰ লগতে আঠখন দেশ অন্তৰ্ভুক্ত আছে ৷ লগতে এই দেশকেইখনে সন্ত্ৰাসবাদ নিৰাময়ৰ ক্ষেত্ৰত পদক্ষেপ হাতত ল’ব ৷ আনহাতে ভাৰত আৰু চীনৰ সীমান্ত উত্তেজনাৰ মাজতে হোৱা বৈঠকে উল্লেখযোগ্য ভূমিকা ল’ব বুলি আশা প্ৰকাশ কৰিছে সকলোৱে ।

Exit mobile version