সুশান্তৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত কিছু বর্ণনা কৰিলে মনোৰোগবিশেষজ্ঞই

sushant singh rajput old photos 1200

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত বহু ন ন তথ্য পোহৰলৈ আহিছে। ইয়াৰ মাজতে সুশান্ত সিং ৰাজপুতৰ চিকিৎসা কৰা দুজন মনোৰোগ বিশেষজ্ঞই বেলেগ বেলেগ সময়ত অভিনেতাজনে গভীৰ হতাশা, চিন্তা, অস্বস্তিগত সংকট আৰু বায়’পলাৰ ডিছঅৰ্ডাৰত ভোগাৰ বিষয়ে কিছু তথ্য প্ৰকাশ কৰি কয় যে, সুশান্তে ঔষধ ল’বলৈ এৰি দিছিল আৰু যাৰ বাবে সুশান্তৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল আৰু পিছত চিকিৎসা কৰাটো বহুত কঠিন হৈ পৰিছিল ।

অন্যহাতে সুশান্তৰ পৰিয়ালৰ অভিযোগ অনুসৰি সুশান্তৰ মৃত্যুৰ ক্ষেত্ৰত প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীৰ ভূমিকা আছিল । সুশান্তৰ মানসিক স্বাস্থ্য, প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসা কৰা মনোৰোগ বিশেষজ্ঞৰ সৈতে সম্পৰ্কত আছিল ৰিয়া। উল্লেখ্য যে, তদন্ততহে সুশান্তৰ মানসিক স্বাস্থ্যৰ অৱনতিৰ কথা পোহৰলৈ আহিছিল । সুশান্তৰ পৰিয়ালে দাবী কৰা অনুসৰি তেওঁলোক সুশান্তৰ মানসিক স্বাস্থ্যৰ অৱনতিৰ বিষয়ে অৱগত নাছিল আৰু ৰিয়া চক্ৰৱৰ্তীৰ ওপৰত অভিযোগ কৰি কৈছিল যে ৰিয়া চক্ৰৱৰ্তীৰ পাছত সম্পৰ্কত অহাৰ পাছতেই সুশান্তৰ স্বাস্থ্যৰ অৱনতি ঘটিছিল ।

আনহাতে, সুশান্তক চিকিৎসা কৰা এজন মনোৰোগ বিশেষজ্ঞই ৮ জুনত হোৱা সুশান্তৰ সৈতে হোৱা কথাবার্তাৰ কিছু বৰ্ণনা কৰে, যিদিনা ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ ঘৰ এৰি গুচি গৈছিল আৰু সুশান্তৰ ভগ্নী মীতু সিং সুশান্তৰ লগত থাকিবলৈ আহিছিল ।

তেওঁ লগতে কয় যে ৰিয়াই তেওঁক সুশান্ত পুনৰ হতাশাত ভোগাৰ কথা হোৱাটছএপত মেছেজ কৰি পুনৰ ঔষধ আৰম্ভ কৰাৰ কথা কৈছিল । লগে লগে হোৱাটছএপত তেওঁ প্ৰেছকিপছনো পঠাইছিল । কিন্তু সুশান্তে তেওঁৰ স’তে কথা পাতিব বিচাৰিছিল আৰু ৰিয়াৰ ফোনৰ পৰা ভিডিঅ’ কল কৰিছিল।

যেতিয়া তেওঁ সুধিছিল যে কিয় তেওঁ কোৱাৰ পাছতো ঔষধ গ্ৰহণ কৰা নাছিল, তেতিয়া সুশান্তই কেৱল হাঁহিছিল আৰু একো কোৱা নাছিল। তাৰ পাছত তেওঁ সুশান্তক নিয়মিত ভাৱে ঔষধ গ্ৰহণ কৰিবলৈ কৈছিল ।

অন্যহাতে, চিকিৎসকজনে এই সন্দৰ্ভত ৰিয়াক সোধা প্ৰশ্নৰ উত্তৰত ৰিয়াই কয় যে, সুশান্তই ৰিয়াৰ কথাই নুশুনে। যেতিয়া তেওঁ ৰিয়াক ফিজ বিচাৰিছিল তেতিয়া ৰিয়াই তেওঁক কয় যে, ৰিয়াই সুশান্তৰ ঘৰ ত্যাগ কৰিছে আৰু এতিয়া সুশান্তৰ ভগ্নীয়ে এই সন্দৰ্ভত সিদ্ধান্ত ল’ব । চিকিৎসকজনে ৬ দিনৰ পাছত সুশান্তৰ মৃত্যুৰ খবৰ টিভিৰ নিউজত দেখিহে গম পাইছিল বুলি উল্লেখ কৰে ।

গভীৰ চিন্তা, হতাশা আৰু অস্বস্তিত ভোগা লোকসকলে আত্মহত্যা কৰাৰ এটা কাৰণ হ’ব পাৰে। এনে কাৰণসমূহৰ বাবে মুখ্যতঃ লোকসকলে অধিক নেতিবাচক চিন্তা কৰে। অতীতত হোৱা যিকোনো হানি বা আঘাত পোৱাৰ বাবে এনে পৰিস্থিতিৰ সন্মুখীন হয়। এনে পৰিস্থিতিত যদি লোকজনে ঔষধ সেৱন বন্ধ কৰি দিয়ে তেন্তে তেওঁৰ ৰোগ অধিক জটিল হ’ব পাৰে আৰু আত্মহত্যাৰ দৰে চৰম পৰ্যায়ত উপনীত হ’ব পাৰে। এনেদৰে কয় মনোৰোগ চিকিৎসজনে।

তেওঁ কোৱা মতে, সুশান্ত সিঙে নৱেম্বৰৰ পৰা হতাশা আৰু গভীৰ অৱসাদত ভূগিছিল । সেই সময়ত সুশান্তই জীৱনৰ একোৱেই পছন্দ নকৰা, জীয়াই থকাৰ ইচ্ছা নোহোৱা আৰু প্ৰতিটো মুহূৰ্ততে ভয়ভাৱ লাগি থকাৰ বিষয়ে অৱগত কৰিছিল । আৰু প্ৰায় ১০ দিনৰ পৰা সুশান্তে এই লক্ষণসমূহৰ সন্মূখীন হৈ আছে বুলি অৱগত কৰিছিল ।

Exit mobile version