নিৰ্ধাৰিত সময়তে অনুষ্ঠিত হ’ব NEET আৰু JEE:উচ্চতম ন্যায়ালয়

NEET-JEE পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ৷

এই দুয়োটা পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত পুনৰ বিচাৰৰ বাবে দাখিল কৰা হৈছিল আৱেদন। অৱশেষত এই আৱেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে।

ইয়াৰ লগতে সমগ্ৰ দেশত JEE Main আৰু NEET UG পৰীক্ষা পূৰ্বৰ তাৰিখ অনুসৰিয়েই অনুষ্ঠিত হ’ব ।

লগতে উচ্চতম ন্যায়ালয়ে ছখন ৰাজ্যৰ NEET আৰু JEE পৰীক্ষাৰ অনুষ্ঠিত কৰাৰ পুনৰ বিবেচনাৰ আবেদনক খাৰিজ কৰে ৷

JEE আৰু NEET পৰীক্ষাৰ কাৰণে ন্যায়াধীশ আশোক ভূষণ,ন্যায়াধীশ কৃষ্ণা মুৰাৰী আৰু বি আৰ গবইৰ তিনিজনীয়া বিচাৰপীঠে বিচাৰ কৰাৰ পিছত এই সিদ্ধান্ত লয়।

উল্লেখযোগ্য যে সমগ্র বিষয়টো ৰাজনীতিকৰণৰ অভিযোগ তুলি এই প্ৰৱেশিকা পৰীক্ষা পিছুৱাই নিদিয়াৰ আবেদন জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ পত্ৰ প্ৰেৰণ কৰিছিল একাংশ শিক্ষাবিদে। নীট আৰু জেইই পুনৰ পিছুৱাই দিলে শিক্ষাৰ্থীৰ বিৰাট ক্ষতি হ’ব বুলিয়েই মত প্ৰকাশ কৰিছিল তেওঁলোকে ।

Exit mobile version