নিৰ্বাচনৰ আগৰ ৰাজনৈতিক দলবোৰ সাগৰৰ ওপৰৰ ঢৌ,নিমিষতে আহে আৰু মাৰ যায়ঃ ৰঞ্জিত কুমাৰ দাস

228f61b1 c065 4a63 9b01 688b64ed75f6

আগন্তুক নিৰ্বাচনৰ কাৰণে সাজু হৈছে বিজেপি ৷ভাৰতীয় জনতা পাৰ্টি সাগৰৰ তলিৰ ঢৌ৷ নিৰ্বাচনৰ আগত বিভিন্ন ৰাজনৈতিক দল আহে ৷ অৰ্থাৎ সেই দলবোৰ সাগৰৰ ওপৰৰ ঢৌৰ দৰে ৷নিমিষতে আহে আৰু নিমিষতে যায়। কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ দল নিৰবিচ্ছিন্ন ভাৱে থাকিব ।

বিৰামহীন কাৰ্যসূচীৰে লক্ষ্য আমাৰ কাৰ্যসূচীত ভাগ লৈ এই মন্তব্য ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ ৷ দাসে লগতে কয় বুথ কমিটি আৰু ৬০০০ শক্তি কেন্দ্ৰৰ আহ্বায়কসকলে লগলাগি ইতিমধ্যে লোকসভাৰ নিৰ্বাচনৰ কাৰণে৷সক্ৰিয়তা প্ৰদৰ্শন কৰিছে ৷

বিৰামহীন কাৰ্যসূচীৰ আধাৰত বুথসমিতি ভেৰিফিকেচন কৰাৰ লগতে নিৰ্বাচনৰ প্ৰস্তুতি চলাবলৈ কাৰ্য নিৰ্বাহক কমিটিসকলক আহ্বানক কৰে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷উল্লেখযোগ্য যে আজি অনুষ্ঠিত বিজেপিৰ বিৰামহীন কাৰ্যসূচীৰে লক্ষ্য আমাৰ নামৰ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল,বিত্ত তথা স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা,ৰামেশ্বৰ তেলী উপস্থিত আছিল ।আনহাতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ৰাজ্যিক সম্পাদক তপন গগৈকে আদি কৰি বহু নেতৃ বৰ্গই এই অনুষ্ঠানত ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে অংশ লয়।

Exit mobile version