গোৰেশ্বৰ হাই মাদ্ৰাছাৰ অধীক্ষকৰ দেহাৱসান

IMG 20200905 WA0055

বাক্সা জিলাৰ গোৰেশ্বৰ হাই মাদ্ৰাছাৰ অধীক্ষক চৈয়দ কলিমুদ্দিন আহমেদৰ আজি কামৰূপ জিলাৰ কমলপুৰ সমষ্টিৰ বৰকুৰিহা গাঁৱত নিজা বাসভৱনত পুৱা প্ৰায় ৭ বজাত মৃত্যু হয় । গোৰেশ্বৰ হাই মাদ্ৰাছাত কৰ্মৰত অধীক্ষকগৰাকীয়ে বহুদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন অৱস্থাত আছিল। ১৯৯২ চনতে গোৰেশ্বৰ হাই মাদ্ৰাছাৰ অধীক্ষক ৰূপে যোগদান কৰি শিক্ষকতা জীৱনৰ আৰম্ভণি কৰিছিল আৰু প্ৰায় ২১ বছৰে বিনা বেতনে শিক্ষাদান কৰিছিল।

ইয়াৰোপৰি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল । শিক্ষকত জীৱনৰ এমাহ বাকী থাকোতেই মধুমেহ ৰোগত আক্ৰান্ত হৈ আজি ইহসংসাৰ ত্যাগ কৰে। অধীক্ষকগৰাকীৰ মৃত্যুত গোৰেশ্বৰ হাই মাদ্ৰাছাৰ শিক্ষক-কৰ্মচাৰীৰ লগতে সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰি পৰিয়ালবৰ্গলৈ সমবেদনা জনায়।

Exit mobile version