বাঘজানৰ জুই নিৰ্বাপনৰ বাবে উত্তৰ প্ৰদেশৰ পৰা তান্ত্ৰিক আনিলে অইলে

IMG 20200818 150815

বিজ্ঞানৰ চৰম উৎকর্ষতাৰ দিনতো অইল ইণ্ডিয়া লিমিটেডৰ দৰে এটা কোম্পানীৰ বিষয়ববীয়াই কু-সংস্কাৰত আচ্ছন্ন হোৱা কাৰ্যই সম্প্ৰতি সচেতন লোকৰ মনত কৌতুহল সৃষ্টি কৰিছে । বিভিন্ন পূজা-অৰ্চনাৰ পাছতো বাঘজানৰ বিজিআৰ৫ নম্বৰ অভিশপ্ত তৈল খাদৰ জুইকুৰা নিয়ন্ত্ৰণ নোহোৱাত অইল কৰ্তৃপক্ষই এইবাৰ পৰিচয় দিলে চৰম অন্ধবিশ্বাসৰ ।

দেশ বিদেশৰ বিশেষজ্ঞয়ো নিয়ন্ত্ৰণ কৰিব নোৱাৰা জুইকুৰা নিৰ্বাপণৰ বাবে অইল কৰ্তৃপক্ষই এইবাৰ এজন তান্ত্রিকৰ শৰনাপন্ন হোৱা কাণ্ডই বাঘজানত প্ৰবল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজ্ঞান প্ৰযুক্তিৰ কাৰিকৰী শিক্ষা অৰ্হতা সম্পন্ন অইলৰ বিষয়া অভিযন্তাসকলে এইদৰে তান্ত্রিকৰ শৰনাপন্ন হোৱাটো চৰম ভণ্ডামিৰ পৰিচায়ক বুলি সচেতন লোকে মন্তব্য কৰিছে।

উল্লেখ্য যে, ভণ্ড তান্ত্রিকৰ কবলত পৰি সাধাৰণ মানুহৰ নানা বিপর্যয় ঘটাৰ বাতৰি সততে প্ৰকাশিত হৈ আহিছে। তেনে পৰিস্থিতিত ঘৰ-বাৰী হেৰুৱাই ক্ষুব্ধ হৈ থকা বাঘজানৰ ধর্মপ্ৰাণ সহজ সৰল লোকসকলক তান্ত্রিকৰ ব্যৱহাৰৰ দ্বাৰা ঐশ্বৰিক শক্তিৰ মাহাত্ম্য দেখুৱাই অইল কৰ্তৃপক্ষই আভুৱা ভাৰিবলৈ চেষ্টা কৰাৰো অভিযোগ উঠিছে ।

যোৱাকালি সন্ধিয়া উত্তৰ প্ৰদেশৰ তান্ত্ৰিকজনৰ তৈলখাদত আকস্মিক উপস্থিতিয়ে বাঘজানবাসীক আচৰিত কৰি তোলে। সন্ধিয়া প্ৰায় ৬ বজাত তান্ত্ৰিকজনে তৈলখাদৰ ৰেড জ’নত প্ৰৱেশ কৰি জুই কুৰা শূণ্য দূৰত্বৰ পৰা পৰ্যবেক্ষণ কৰে। ইয়াৰ পাছতে উক্ত তেলখাদত এভাগ বিশেষ পূজা দিব লাগিব বুলি অইলৰ বিষয়াক নিৰ্দেশ দি তান্ত্রিকজন আঁতৰি যায় ।

লক্ষণীয়ভাৱে বিশেষ শক্তিৰ অধিকাৰী ৰূপে অভিশপ্ত তৈলখাদলৈ অনা তান্ত্ৰিকজনে অৱশ্যে জুইৰ পৰা ৰক্ষাৰ বাবে অইলৰ বিষয়াই যোগান ধৰা চেফটি হেলমেট, বিশেষ জোতা আৰু কাণত ব্যৱহৃত শব্দ নিয়ন্ত্ৰক যন্ত্ৰ পৰিধান কৰিহে তৈলখাদৰ ৰেড জনত প্ৰৱেশ কৰিছিল।

প্ৰায় ২০ মিনিট সময় পৰ্যবেক্ষণ কৰি তান্ত্ৰিকজনে অৱশ্যে কি অদৃশ্য শক্তিৰ উমান পালে, সেয়া কাৰো জ্ঞাত নহ’ল। সংবাদ মাধ্যমৰ পৰা আঁতৰি থাকি তান্ত্ৰিকজনে অইলৰ দ্বাৰা যোগান ধৰা বিলাসীগাড়ীত উঠি পিছত সেই স্থানৰ পৰা আঁতৰি যায় ।

উল্লেখ্য যে, যোৱা ন জুনৰ পৰা জলি থকা জুইকুৰা নিয়ন্ত্ৰণৰ বাবে যোৱা১৭ আগষ্টত বিশেষজ্ঞৰ দলটোৱে বিঅ’পি সংস্থাপনৰ পূৰ্বে অইল কৰ্তৃপক্ষই তৈলখাদৰ কাষত মনসা দেৱীৰ প্ৰতিমা স্থাপন কৰি পূজা আগবঢ়াইছিল। মন কৰিবলগীয়া যে, বিভিন্ন সময়ত দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ মানুহে নেদেখাজনৰ আৰাধনা কৰাটো এক স্বাভাৱিক প্ৰক্ৰিয়া।

আনকি জুইকুৰা নিৰ্বাপনৰ বাবে বাঘজানবাসী তথা জিলা প্ৰশাসনেও ইতিমধ্যে বিভিন্ন সময়ত পূজা অৰ্চনা কৰিছে। কিন্তু এইবাৰ উত্তৰ প্ৰদেশৰ পৰা ৰাজ আতিথ্যৰে অনা তান্ত্ৰিকজনে কেনে শক্তিৰ বলত তৈলখাদৰ জুইকুৰা নিৰ্বাপিত কৰে, সেয়া চোৱাৰ বাবে আগ্ৰহী হৈ পৰিছে বাঘজানবাসী।

Exit mobile version