ভাৰত-চীনৰ বিবাদৰ পৰিস্থিতিৰ বাবে উভয় দেশকে সাহাৰ্যৰ প্ৰস্তাৱ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ

200311210846 02 trump oval office address 0311 exlarge 169

মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুকুৰবাৰে সন্ধিয়া হোৱাইট হাউছত সাংবাদিকসকলৰ আগত ভাৰত আৰু চীনৰ সম্পৰ্ক বহু দুৰ্বল হৈ পৰাৰ বিষয়ে ব্যক্ত কৰে। লগতে চীন আৰু ভাৰতে বিচাৰিলে উভয়কে এই ক্ষেত্ৰত আমেৰিকাই সাহায্য আগবঢ়াবলৈ প্ৰস্তুত বুলি মন্তব্য আগবঢ়ায় । পূৰ্ব লাডাখৰ কিছু অঞ্চল বিস্তাৰ কৰিবলৈ বেইজিঙে চেষ্টা অব্যাহত ৰখাৰ সময়তে ড়নাল্ড ট্ৰাম্পে কৰা মন্তব্যই চিন্তা আৰু উত্তেজনাৰ বৃদ্ধি কৰিছে।

আনহাতে, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শুক্ৰবাৰে মস্কোৰ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে বৈঠকত মিলিত হয়। বৈঠক আৰম্ভ হোৱাৰ পূৰ্বে বিবাদিত অঞ্চলসমূহত আন্তৰ্জাতিক নিয়মৰ প্ৰতি শ্ৰদ্ধা জনাই শান্তি আৰু সুৰক্ষা, মতভেদৰ শান্তিপূৰ্ণ সমাধানৰ দাবী কৰে ।

এই বৈঠকৰ পাছতে চীনৰ তৰফৰ পৰা লাডাখত বৰ্তমান যি পৰিস্থিতি অব্যাহত আছে তাৰ বাবে সম্পূৰ্ণ ৰূপে ভাৰতেই জগৰীয়া বুলি অভিযোগ উত্থাপন কৰি চীনৰ এক ইঞ্চি মাটিও এৰি দিয়া নহয় বুলি চীন চৰকাৰে নিজৰ স্থিতি ব্যক্ত কৰে।

উল্লেখ্য যে, ৫ দিন পূৰ্বে পাংগং হ্ৰদৰ দক্ষিণ সীমাৰ ভাৰতীয় ভূমি দখলত চীনা সৈন্য বিফল হোৱাৰ পিছতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পাছতে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নৰৱনেই লাডাখত উপস্থিত হৈ এল এ চিত সম্প্ৰতি উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰাৰ বিষয়ে বৰ্ণনা কৰে ।

আনহাতে ড়নাল্ড ট্ৰাম্পৰ চীন আৰু ভাৰতৰ মাজৰ মধ্যস্থতাকাৰীৰ ভূমিকা গ্ৰহণ কৰা এইবাৰেই প্ৰথম নহয়, জুন মাহত ২০ জন ভাৰতীয় সেনাই নিজ দেশৰ কাৰণে বলিদান দিয়াৰ পাছত ট্ৰাম্পে চীন ভাৰতৰ সীমান্তৰ বিবাদক অত্যন্ত কঠিন পৰিস্থিতি হিচাপে অভিহিত কৰিছিল। আনকি চীনে ভাৰত আৰু অন্য প্ৰতিবেশী দেশসমূহৰ লগত কৰ’না ভাইৰাছৰ বাবে সৃষ্টি হোৱা অৰাজকতাৰ সুবিধা লৈ সীমাত বিবাদৰ সৃষ্টি কৰিছে বুলি আমেৰিকাই চীনৰ ওপৰত অভিযোগ উত্থাপিত কৰিছিল।

Exit mobile version