সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত এনচিবিৰ তদন্ত অব্যাহত

rhea showik

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত চি বি আইৰ লগতে তদন্ত অব্যাহত ৰাখিছে এন চি বিয়ে। এন চি বিয়ে ৯ জুন পর্যন্ত ড্ৰাগছৰ সন্দৰ্ভত ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ সোভিক চক্ৰৱৰ্তী আৰু সুশান্তৰ মেনেজাৰ চেমুৱেল মিৰান্দাক জিম্মাত ৰাখিবলৈ নিৰ্দেশ দিয়ে। প্ৰায় ৯ ঘণ্টাজুৰা সোধ পোচৰ অন্তত ড্ৰাগছ বিৰোধী কে’বাটাও ধাৰাত অভিযুক্ত হোৱাৰ গোচৰত শুক্ৰবাৰে নিশা দুয়োজনকে গ্ৰেপ্তাৰ কৰে।

এন চি বিয়ে দিয়া আবেদনত প্ৰকাশ কৰে যে, ড্ৰাগছৰ সৰবৰাহত জড়িত কে’বাজনৰো নাম উল্লেখ কৰিছে সোভিক চক্ৰৱৰ্তীয়ে‌ । ইয়াৰপিছত এন চি বিয়ে ৰিয়া চক্ৰৱৰ্তীক জেৰা কৰিব। উল্লেখ্য যে, জুনত হোৱা সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত এতিয়া ড্ৰাগছৰ বিষয়টো জড়িত হোৱাৰ লগতে মৃত্যুৰ আশে পাশে নিচাযুক্ত দ্ৰব্যৰ সেৱনৰ অভিযোগ উত্থাপিত হৈছে।

শনিবাৰে মুম্বাই আদালতত এন চি বিয়ে জনায় যে, ড্ৰাগছ ক্ৰয়ৰ সকলো বিত্তীয় লেন-দেন সত্যাপন কৰা হৈছে। অন্যহাতে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ স’তে সোভিক চক্ৰৱৰ্তী জড়িত হৈছে বুলি অভিযোগ উত্থাপিত হৈছে। দেওবাৰে এন চি বিৰ দ্বাৰা সোধ-পোচৰ বাবে মাতি পঠিয়াব সোভিকক । এন চি বিৰ মতে, আব্দুল বসিত পৰিহাৰৰ স’তে ড্ৰাগছ বিক্ৰী আৰু চেমুৱেল মিৰান্দা আৰু সোভিক চক্ৰৱৰ্তীৰ লগত সম্পৰ্ক আছিল। ক্ৰেডিট কাৰ্ড, নগদ ধনৰ মাধ্যমেৰে ড্ৰাগছ বিক্ৰীৰ টকা আদান প্ৰদান কৰিছিল।

পৰিহাৰ মাদক দ্ৰব্য সৰবৰাহকাৰী, কোনো হাই প্ৰফাইল লোক আৰু ড্ৰাগছ ছিণ্ডিকেটৰ এজন সক্রিয় সদস্য। লগতে এন চি বি য়ে আদালতত জনায় যে, চেমুৱেল মিৰান্দাই ড্ৰাগছ ক্ৰয় কৰোতে গুগল পে’ৰ ব্যৱহাৰ কৰিছিল। পৰিহাৰে অন্য দুজন ড্ৰাগছ সৰবৰাহকাৰী কাইজান ইব্ৰাহিম আৰু জায়েদ ভিলাত্ৰাৰ মাধ্যমেৰে সৰবৰাহ কৰিছিল। তিনিওজন এনচিবিৰ জিম্মাত আছে ।

শুক্ৰবাৰে পুৱা এন চি বিৰ বিষয়া আৰু আৰক্ষীৰ এটা দলে সোভিক চক্ৰৱৰ্তীৰ ঘৰত তদন্তৰ বাবে যায়, য’ত ৰিয়া চক্ৰৱৰ্তী আৰু চেমুৱেল মিৰান্দাৰ স’তে একেলগে আছিল। এই পর্যন্ত এন চি বিৰ দলে মুঠ ৭ জন লোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত আছে জায়েদ ভিলাত্ৰা, সোভিক চক্ৰৱৰ্তী, চেমুৱেল মিৰান্দা আৰু আব্দেল বাসিত পৰিহাৰ ।

আনহাতে, এন চি বিয়ে জনোৱা মতে ৰিয়া চক্ৰৱৰ্তীও ড্ৰাগছ ব্যৱহাৰ লগত জড়িত। হোৱাটছএপ মেছেজৰ পৰা পোৱা তথ্য অনুসৰি ৰিয়াই ড্ৰাগছৰ ক্ৰয় কৰি বিক্ৰীও কৰিছিল। সুশান্তৰ মৃত্যুৰ ঘটনাই ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ সময়তে ড্ৰাগছৰ বিষয়টোৱে মৃত্যুৰ লগত জড়িত কি প্ৰমাণ দিব পাৰে সেয়া হ’ব লক্ষ্যণীয় ।

Exit mobile version