ৰাছিয়াৰ পৰা ভাৰতে লাভ কৰিব সাত লাখ এ কে-৪৭ (২০৩) ৰাইফল

ak203 et2755557 2992019

ৰাছিয়াৰ পৰা সাত লাখতকৈ অধিক এ-কে৪৭ ৰাইফল ক্ৰয়ৰ বাবে এক চুক্তি সম্পন্ন কৰিলে ভাৰতে। এইসমূহ ৰাইফলৰ এক লাখটা ৰাছিয়াৰ পৰা আমদানি কৰা হ’ব আৰু বাকী ছয় লাখ ৰাইফল উত্তৰ প্ৰদেশত আমেঠিত থকা বন্দুক প্রস্তুতকাৰক কাৰখানাত তৈয়াৰ কৰা হ’ব ।

প্ৰকাশিত বাতৰি অনুসৰি এ কে ৪৭ ৰাইফলৰ পৰা প্ৰতি এক মিনিটত ৬০০টা গুলি নিৰ্গত হয় হয়। ছাংহাই কৰ্পৰেচন অৰ্গেনাইজেচন সন্মিলনৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত এ কে ৪৭(২০৩) ৰাইফল ক্ৰয় বিক্ৰয়ক লৈ এক বুজাবুজি হৈছিল। প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰ এক সূত্ৰই এই কথা প্ৰকাশ কৰি জনোৱা মতে, ৰাছিয়াৰ পৰা একে ছিৰিজৰ এই অতি অত্যাধুনিক ৰাইফল ভাৰতে লাভ কৰিলে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থা যথেষ্ট শক্তিশালী হ’ব ।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উদ্যোগত ভাৰতে ৰাছিয়াৰ সতে এ কে ৪৭ ৰাইফল ক্ৰয়ৰ বাবে চুক্তি স্বাক্ষৰ কৰিছিল। ৰাছিয়াই এক লাখটা এ কে ৪৭ ৰাইফল ভাৰতলৈ ৰপ্তানি কৰিব আৰু বাকীসমূহ ৰাইফল ভাৰতত তৈয়াৰ কৰাৰ ক্ষেত্ৰত ৰুছ অস্ত্ৰ নিৰ্মাতা বিশেষজ্ঞই প্ৰয়োজনীয় প্ৰযুক্তি তথা সহযোগিতা আগবঢ়াব। উল্লেখ্য যে, ভাৰতীয় সেনাবাহিনীত ১৯৯৬ ৰ পৰা ইনছাছ ৰাইফলৰ ব্যৱহাৰ হৈ আহিছে।

ৰাছিয়াৰ পৰা এ কে ৪৭ ৰাইফলৰ যোগান লাভ কৰাৰ পাছতে হিমালয়ৰ লগতে আন পাহাৰীয়া দুৰ্গম অঞ্চলত যুদ্ধৰ ব্যৱহাৰৰ ক্ষেত্ৰত সেনাই বিশেষ সুবিধা লাভ কৰিব। এ কে ৪৭ ৰাইফলৰ মূল্য ১১০০ ডলাৰ হ’ব আৰু এই ৰাইফল সাম্প্ৰতিক বিশ্বত উপলব্ধ অন্যতম অত্যাধুনিক এছাল্ট ৰাইফল হিচাপে পৰিচিত।

Exit mobile version