প্ৰসংগঃ সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

mediaone 2020 09 b0bfda6e f8c5 402d 9524

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ সন্দৰ্ভত NCB ৰ পৰা জাননী পোৱাৰ পিছত আজি ৰিয়া চক্ৰৱৰ্তীয়ে বিভাগীয় কৰ্তৃপক্ষক সাক্ষাৎ কৰিবলৈ কাৰ্যালয়ত উপস্থিত হয় । ইয়াৰ পিছত NCB ৰ কাৰ্যালয়ত বাহিৰত উপস্থিত থকা একাংশ সংবাদমাধ্যমৰ লোকে ৰিয়াক আগুৰি ধৰে ৷ যাৰ ফলত আৰক্ষীয়ে যেতে তেনে ৰিয়াক ঠেলা হেঁচাৰ মাজত NCB ৰ কাৰ্যালয়ৰ ভিতৰলৈ লৈ যায় ।

সম্প্ৰতি সংবাদমাধ্যমৰ লোকে ৰিয়াৰ লগত কৰা এনে ব্যৱহাৰত বলীউডৰ বহু তাৰকাই ক্ষোভ প্ৰকাশ কৰিছে। ৰিয়া চক্ৰৱৰ্তী NCBৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ পিছত সৃষ্টি হোৱা ঠেলা হেঁচাৰ পৰিস্থিতিৰ ভিডিঅ’টো বহু বলীউডৰ তাৰকাই শ্বেয়াৰ কৰি নিজৰ মনোভাৱ ব্যক্ত কৰিছে ৷

বলীউডত বিভিন্ন প্ৰসংগক লৈ চৰ্চাত থকা অভিনেত্ৰী তাপ্সী পান্নুৱে কয় “ন্যায়ৰ নামত এই লোকসকলে দোষী প্ৰমাণিত হোৱাৰ আগতেই জীয়াই থকাৰ অধিকাৰৰ পৰা বঞ্চিত কৰিছে । মই নিৰপেক্ষভাৱে প্ৰাৰ্থনা কৰিছো যে কৰ্মই সকলো লোকৰ হিচাপ কৰিব । আৰু আমি তাৰ সাক্ষী হৈ ৰ’ম ৷”

বলীউড তথা দক্ষিণ ভাৰতৰ অভিনেত্ৰী ভূমিকা চাউলাই কয় “আমাৰ সংবাদ মাধ্যম আৰু লোকসকলৰ শাৰীৰিক দূৰত্বক সন্মান কৰাটো প্ৰয়োজনীয় ৷” বলীউডৰ অভিনেত্ৰী দিয়া মিৰ্জাই কয় “আইনে এই সন্দৰ্ভত প্ৰয়োজনীয় ব্যৱস্থা ল’ব লাগে । এই ব্যৱহাৰ সকলো ফালৰ পৰা নিন্দনীয় ৷ বহুত হ’ল, ৰিয়াক যাবৰ কাৰণে পথ আৰু শাৰীৰিক দূৰত্বৰ অধিকাৰ কিয় দিয়া হোৱা নাই? সংবাদমাধ্যমে এনে ধৰণৰ ব্যৱহাৰ কিয় কৰিছে? ৰিয়াৰ পৰিয়ালক মানসিক শাৰীৰিক নিৰ্যাতন কৰা বন্ধ কৰিব লাগে ।”

হুমা কুৰেশ্বীয়ে কয় “আমাৰ লগত কি সমস্যা আছে? আমি এনেকুৱা ব্যৱহাৰ কৰিব নোৱাৰো ৷ নিশ্চিতভাৱে প্ৰকৃত ঘটনা সন্মুখলৈ আহিব লাগে । এই ছোৱালীজনী এগৰাকী মহিলা হোৱাৰ কাৰণে প্ৰাথমিক সন্মান আৰু সামাজিক দূৰত্ব অতিকে প্ৰয়োজন ৷”

ইফালে সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত উত্থাপন হোৱা স্বজনপ্ৰীতিৰ সন্দৰ্ভত বিভিন্ন মন্তব্য কৰা স্বৰা ভাস্কৰে এই ঘটনাক নিন্দনীয় বুলি কয় । উল্লেখযোগ্য যে ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত আত্মহত্যা কৰিছিল সুশান্ত সিং ৰাজপুতে ৷ইয়াৰ পিছত মুম্বাই আৰক্ষীয়ে এই ঘটনাটোৰ তদন্ত কৰিছিল যদিও সম্প্ৰতি তদন্ত কৰিছে চিবিআই, ইডি আৰু NCB য়ে। সম্প্ৰতি সুশান্ত আত্মহত্যাৰ প্ৰসংগত সকলো ঘটনা ক্ৰমাৎ ৰহস্যৰ মাজলৈ সোমাই গৈছে । আৰু প্ৰতিদিনে ফাদিল হৈছে নিত্য নতুন তথ্য।

Exit mobile version