হাৰিয়ানাৰ দুখন ধাবাত ৭৫ কৰ্মচাৰী কৰ’নাত আক্ৰান্ত

Screenshot 55

হাৰিয়ানাৰ দুখন ধাবাত ৭৫ কৰ্মচাৰী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছতে ৰাজধানী নতুন দিল্লীকে ধৰি পাৰ্শ্বৱৰ্তী বহু স্থানত তীব্ৰ আতংকই বিৰাজ কৰিছে। ধাবা দুখন প্রশাসনৰ দ্বাৰা ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে যদিও ধাবাদুখনত শেহতীয়াভাৱে প্ৰায় ১০ হেজাৰৰো অধিক লোকে শেহতীয়াভাৱে খাদ্য গ্ৰহণ কৰিছিল ।

এই গ্ৰাহকসকলৰ মাজৰ অধিক সংখ্যকেই আছিল নতুন দিল্লীৰ । ধাবা দুখনলৈ যোৱা লোকসকলৰ ইতিমধ্যে সন্ধান আৰম্ভ কৰা হৈছে যদিও প্ৰশাসনৰ বাবে এই কাৰ্য বৃহৎ প্ৰত্যাহ্বান ৰূপে দেখা দিছে। নতুন দিল্লীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰত্বত থকা ধাবা দুখন হাৰিয়ানাৰ ছনিপট জিলাৰ মুৰ্থল গাৱঁত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত।

জিলাখনৰ উপায়ুক্ত শ্যামলাল পুনিয়াই জনোৱা মতে, ধাবা দুখনৰ ৩৬০ জন কৰ্মচাৰীৰ নমুনা সংগ্ৰহ কৰা হৈছে। পৰীক্ষাৰ অন্তত ৬৫ জন কৰ’নাত আক্রান্ত হোৱাটো নিশ্চিত হয় । অৱশ্যে বহুজনৰ ফলাফল এতিয়াও আহিবলৈ বাকী আছে। অমৰিক সুখদেৱ ধাবা আৰু গৰম ধৰম নামৰ দুখন ধাবা দুখনৰ ভিতৰত অমৰিকত আক্ৰান্তৰ সংখ্যা অধিক। গৰম ধৰম নামৰ ধাবাখনৰ গৰাকী অভিনেতা ধৰ্মেন্দ্ৰ।

উল্লেখ্য যে, ধাবা দুখনত সপ্তাহৰ অন্তত দুপৰ নিশালৈ পাৰ্টী অনুষ্ঠিত হয়। খাদ্য ৰসিকৰ মাজতো ধাবা দুখন বিশেষভাৱে জনপ্ৰিয়। চৰকাৰে আনলক আৰম্ভ কৰাৰ পাছৰে পৰা ধাবা দুখনত গ্ৰাহকৰ সংখ্যা পূৰ্বতকৈ বহু বৃদ্ধি পাইছিল।

Exit mobile version