ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালটো গ্ৰেপ্তাৰ হ’লেই আমাৰ চিন্তা শেষ

Manish Sisodia EPS

দেশৰ সাম্প্ৰতিক পৰিস্থিতিৰ সন্দৰ্ভত দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনিষ ছিছোদিয়াই কেন্দ্ৰীয় চৰকাৰ আৰু সংবাদমাধ্যমক টুইটাৰ একাউণ্টত তীক্ষ্ণ সমালোচনা কৰে ৷ মনিষ ছিছোদিয়াই সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ গোচৰক লৈ কেন্দ্ৰ আৰু সংবাদমাধ্যমলৈ প্ৰশ্ন উত্থাপন কৰি কয় যে, চীনে আমাৰ ভূমি এৰি দিলে, আমাৰ উপাৰ্জন ৫ ত্ৰিলিয়ন, কোটি কোটি লোকে নিযুক্তি পাইছে , কৃষক ব্যৱসায়ী সকলোয়ে নিজৰ উপাৰ্জনৰ অংশৰে লাভাম্বিত হৈছে, স্বচ্ছ ভাৰত আৰু ডিজিটেল স্কিল ইণ্ডিয়াই সফলতা লাভ কৰিছে ৷

এতিয়া মাত্ৰ ৰিয়া চক্ৰৱৰ্তীৰ পৰিয়ালটো গ্ৰেপ্তাৰ হ’লেই সকলো বিপদ দেশৰ পৰা আঁতৰিব । ছিছোদিয়াই লগতে কয় যে কেন্দ্ৰ আৰু সংবাদমাধ্যমে ইয়াৰ কাৰণে দিনে ৰাতিয়ে কষ্ট কৰিছে ৷ ইপিনে দেশখনক এতিয়া বিভিন্ন ধৰণৰ প্ৰত্যাহ্বানেৰে আগুৰি ধৰিছে ৷

এফালে কৰ’না ভাইৰাছত আক্ৰান্তৰ সংখ্যাই ৪৩ লাখ অতিক্ৰম কৰিলে ৷ ইয়াৰ মাজতে ভাৰত চীনৰ উত্তেজনা অব্যাহত আছে ৷ কৰ’নাই ভাৰতৰ আৰ্থিক অৱস্থাক শোচনীয় কৰি তুলিছে ,ইয়াৰ সম্পূৰ্ণ প্ৰভাৱ পৰিছে সমগ্ৰ বিশ্বত ৷ সেয়েহে মনীষ ছিছোদিয়াই কেন্দ্ৰ আৰু সংবাদমাধ্যমৰ সন্দৰ্ভত কঠোৰ সমালোচনা কৰি কয় যে দেশৰ বৃহৎ সমস্যাক গুৰত্ব দিয়াৰ বিপৰীতে সুশান্তৰ বিষয়টোতহে বেছিকৈ গুৰুত্ব দিছে ৷

উল্লেখযোগ্য যে বলীউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত তিনিটা বিভাগে কৰিছে ৷চিবিআইৰ উপৰিও ইডি আৰু এন চি বি য়ে কৰা এই তদন্তত নিতৌ নতুন তথ্য পোহৰলৈ আহিছে ৷ ১৪ জুনত মুম্বাইৰ বান্দ্ৰাস্থিত বাসগৃহত সুশান্তে আত্মহত্যা কৰিছিল ।

Exit mobile version