অধ্যাপক প্ৰয়াত ডঃ ধনেশ্বৰ কলিতাৰ স্মৃতিচাৰণ অনুষ্ঠান

960e9077 d38a 4809 92ca e12573b81b40

মহানগৰী গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ প্ৰাক্তন মূৰব্বী অধ্যাপক আৰু লংকেশ্বৰৰ এক নং ৱাৰ্ডৰ বাসিন্দা সদ্য প্ৰয়াত ডঃ ধনেশ্বৰ কলিতাৰ সোঁৱৰণত যোৱা ৬ ছেপ্টেম্বৰত এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। প্ৰয়াত অধ্যাপক গৰাকীৰ আদ্যশ্ৰাদ্ধৰ দিনা তেওঁৰ নিজ বাসগৃহত অনুষ্ঠিত উক্ত স্মৃতিচাৰণ সভাত ‘শ্ৰদ্ধাঞ্জলি’ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়।

পাণ্ডু মহাবিদ্যালয়ৰ হিন্দী বিভাগৰ মুৰব্বী অধ্যাপক ৰফিকুল হকে উক্ত স্মৃতিগ্ৰন্থখন উন্মোচন কৰে। উক্ত অনুষ্ঠানতে প্ৰয়াত অধ্যাপকগৰাকীৰ কৰ্মস্থলী বি বৰুৱা মহাবিদ্যালয়ৰ শিক্ষক গোটৰ তৰফৰ পৰা এখন শ্ৰদ্ধাঞ্জলি পত্ৰ পাঠ কৰা হয়। লগতে ধাৰাপুৰ চাৰিআলীস্থিত শ্যামা কালি পূজা কমিটিৰ তৰফৰ পৰা প্ৰয়াত অধ্যাপকগৰাকীলৈ মৰণোত্তৰ ভাৱে এখন সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয়।

Exit mobile version