ইজ অৱ ডুয়িং বিজনেছঃ পূৰ্বতকৈ অৱনমিতহে হ’ল অসমৰ স্থান

Chandra Mohan Patowary 19

ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত বিভাগীয় উন্নয়ন সাধন হওক চাৰি দিনে দিনে অধিক পশ্চাদমুখীহে হৈছে ৷ ভস্মাসূৰত পৰিণত হোৱা মন্ত্ৰীজনৰ মুখৰ কথাই যে সাৰ সেয়া সদ্য প্ৰকাশিত ভাৰত চৰকাৰৰ “ইজ অৱ ডুয়িং বিজনেছ”ৰ ৰেংকিঙতে স্পষ্ট ৰূপত ওলাই পৰিছে ৷ দেশত সম্প্ৰতি অসমৰ স্থান পূৰ্বতকৈ অৱনমিত হৈছে ।

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰা “ষ্টেট বিজনেছ ৰিফৰ্মছ একছন প্লেন ২০১৯” ৷ (বি আৰ এ পি ২০১৯ )ত অসমে পূৰ্বৰ ১৭ নম্বৰ স্থান হেৰুৱাই ২০ নম্বৰলৈ অধোগতি কৰিছে ৷ আত্মনিৰ্ভৰ ভাৰতৰ বাবে অন্যতম সোপান “ইজ অৱ ডুয়িং বিজনেছ”ত চুবুৰীয়া মণিপুৰে অথচ উন্নত প্ৰদৰ্শন কৰি পূৰ্বৰ ৩৩ ৰ পৰা ২৯ সংখ্যক স্থানলৈ নিজকে উন্নীত কৰিবলৈ সক্ষম হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰী সীতাৰমণে কয় যে কিছুমান ৰাজ্যৰ এই সংস্কাৰ পদক্ষেপত অসাধাৰণ শক্তি ব্যয় কৰিছে ৷ অথচ এই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অসম হেৰুৱাইছে পূৰ্বৰ স্থান ।

মন কৰিবলগীয়া যে চুবুৰীয়া পশ্চিমবংগ এই ক্ষেত্ৰত নৱম স্থানত আছে  ৷ প্ৰথম ১০ টা স্থান অধিকাৰ কৰা ৰাজ্যকেইখন হ’ল ক্ৰমে অন্ধ্ৰপ্ৰদেশ, উত্তৰপ্ৰদেশ, তেলেংগানা, মধ্যপ্ৰদেশ, ঝাৰখণ্ড, চত্তিছগড়, হিমাচল প্ৰদেশ, ৰাজস্থান, পশ্চিমবংগ আৰু গুজৰাট । সংস্কাৰ পদক্ষেপৰ শিথিল ৰূপায়ণৰ বাবেই অসমে পূৰ্বৰ স্থান হেৰুৱাইছে ।

আনহাত, মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ নেতৃত্বত উত্তৰ প্ৰদেশে বৃহৎ জাঁপ মাৰি বহু ঢাপ আগুৱাই দ্বিতীয় স্থান লাভ কৰিছে ।

Exit mobile version