তেজপুৰত কংগ্ৰেছৰ দুখনকৈ যোগদান সভা

Congress 770x433

“ৰাজ্যত বিজেপি এতিয়া মাজ সাগৰত এখন ডুবন্ত নাও৷ সাগৰৰ মাজত সেই নাওৰ তলিফুটি এতিয়া টুলুং ভুটুং কৰি আছে, কোন সময়ত ডুবে তাৰ কোনো ঠিক নাই৷” আজি তেজপুৰত এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ৷উল্লেখযোগ্য যে,তেজপুৰৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি দিনৰ ১১-৩০বজাৰ পৰা গাভৰু আৰু তেজপুৰ পৌৰ ব্লক কংগ্ৰেছৰ উদ্যোগত এখন কৰ’না সজাগতা আৰু যোগদান সভা আয়োজন কৰা হৈছিল৷

নামত কৰ’না সজাগতা সভা বুলি উল্লেখ কৰিলেও এই ৰাজনৈতিক সভাখনত অগপ,এ আই ইউ ডি এফ আৰু বিজেপিকে ধৰি বিভিন্ন দল সংগঠনৰ পাঁচশতাধিক লোকে কংগ্ৰেছত যোগদান কৰে। সভাখনত অংশলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই শেহতীয়াকৈ বিজেপিৰ সভাপতি ৰঞ্জিত দাসে দলক সাগৰৰ গভীৰ ঢৌ আৰু ৰিপুন বৰাই আগন্তুক নিৰ্বাচনত পৰাজয় বৰণ কৰিলে কি কৰিব বুলি কৰা মন্তব্যৰ প্ৰত্যুত্তৰত কয় যে কংগ্ৰেছ দল পৰাজিত হ’লেও ৰঞ্জিত দাসৰ দৰে পলৰীয়া নহয়৷বৰাই লগতে কয় “এতিয়া বিজেপিৰ হাতত মোদীৰ যাদু নাই আৰু সেইবাবেই কংগ্ৰেছৰ মহাজোঁট বন্ধনক লৈ বিজেপি শংকিত হৈছে আৰু সেইবাবেই বিজেপিৰ ৰাজ্যিক সভপতিজনে এনেবোৰ কথা কৈছে৷”

বৰাই ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ মহাজোঁটে ৮০ খন আসন পাব বুলি দাবী কৰাৰ লগতে হিমন্ত বিশ্বশৰ্মাৰ দৰে ই ভি এম টেম্পাৰিঙৰ শক্তি নাই বাবে এশ খন আসন পাব বুলি দাবী নকৰে বুলিও কয়৷ ইফালে বিটিছিৰ নিৰ্বাচনত কংগ্ৰেছ কিংমেকাৰ হ’ব বুলি মন্তব্য কৰি বৰাই লগতে কয় যে নিৰ্বাচনৰ পিছত বিপিএফ বা ইউ পি পি এলৰ যিকোনো এটা দলৰ লগত মিত্ৰতা হ’ব৷অৱশ্যে বৰ্তমান দুইটা দলৰে বিজেপিৰ স’তে মিত্ৰতা থকা বুলি উল্লেখ কৰি বৰাই কয় যে কংগ্ৰেছে বাওঁপন্থী দলসমূহকে ধৰি বিজেপি বিৰোধী সকলো দলৰ বাবেই মিত্ৰতাৰ দুৱাৰ খোলা ৰাখিছে৷বৰাই লগতে কংগ্ৰছে চৰকাৰ গঠন কৰিলে মহিলা সকলে লোৱা মাইক্ৰ ফাইনেঞ্চৰ লোন মাফ কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷

তদুপৰি, কৃষকৰ কৃষি ঋণ মাফ আৰু কা বিৰোধী আন্দোলনত যি সকল লোকৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰিছে তাৰ পৰাও মুক্ত কৰিব বুলি তেওঁ কয়৷ আগন্তুক নিৰ্বাচনৰ বাবে আকাশমাৰ্গেৰে নহয়, পেডেল মাৰি মাৰি কংগ্ৰেছে এইবাৰ ৰাইজৰ কাষ চাপিব বুলিও ৰাজ্যিক কংগ্ৰেছৰ সভাপতিজনে কয়৷প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ লগতে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক অভিজিত হাজৰিকা, মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য, প্ৰাক্তন মন্ত্ৰী টংক বাহাদুৰ ৰায়, প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, প্ৰাক্তন সাংসদ ৰাম প্ৰসাদ শৰ্মা, বিধায়ক নুৰুল হুদা, প্ৰাক্তন বিধায়িকা মনিকা বৰা আদিকে ধৰি ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ বহু সংখ্যক নেতা নেতৃয়ে অংশ লোৱা সভাখনত শেহতীয়াকৈ কংগ্ৰেছত যোগদান কৰা গায়ক বাবুৱে “পেডেল মাৰি মাৰি কংগ্ৰেছলৈ যাম”বুলি গীত গোৱাৰ লগে লগে একাংশ কংগ্ৰেছ কৰ্মীয়ে মঞ্চত নাছিবলৈ আৰম্ভ কৰে৷

ইপিনে এই কাৰ্যসুচীত অংশ লৈ প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে কংগ্ৰেছ দলে কাৰ সৈতে মিত্ৰতা কৰে তাক লৈ বিজেপিৰ কিয় ইমান মুৰৰ কামোৰণি হোৱাৰ কাৰণ হৈছে বিজেপিৰ পৰাজয়ৰ শংকা৷তেওঁলোক শংকিত হোৱাৰ কাৰণ কি বুলিও প্ৰশ্ন কৰি হুছেইনে কয় যে, ছয় জনগোষ্ঠীৰ জনজাতিকৰণ নকৰি নিৰ্বাচনৰ পূৰ্বে তিনি খনকৈ স্বায়ত্ত্বশাসিত পৰিষদ গঠন কৰি জনগোষ্ঠীসমুহক ভাগ ভাগ কৰাৰ ৰাজনীতি বিজেপিয়ে কৰিছে৷

আগন্তুক নিৰ্বাচনত কেৱল এ আই ইউ ডি এফ বা বাওপন্থী দলেই নহয় সকলো জনগোষ্ঠীয় দলৰ সৈতেই কংগ্ৰেছ দলৰ মিত্ৰতা হ’ব বুলিও ৰকিবুল হুছেইনে উল্লেখ কৰে৷ তেওঁ আনকি বাবুৰ জনপ্ৰিয় গীত পেডেল মাৰি মাৰিৰ সুৰত কয় “বন্ধুৰ বুকু ঢিপিচ ঢিপিচ কৰিছে কিয়৷বন্ধু পলাইছা কিয়!”হুছেইনে কয় যে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বাবেই এইবাৰ বিজেপি দলক চিৰদিনৰ বাবেই ৰাইজে কোৱাৰেন্টাইন কৰিব ৷ তেওঁ লগতে মন্ত্ৰী হিমন্ত বিশ্বৰ মুখ্যমন্ত্ৰীৰ যোগ্যতা সম্পৰ্কত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত কয়, জ্যেষ্ঠজনক সন্মান কৰিব নজনা, শিক্ষক সমাজক অপমান কৰা এজন ব্যক্তিক ৰাইজে মুখ্যমন্ত্ৰী পাতিব নে নাই,সেয়া ৰাইজে সিদ্ধান্ত ল’ব৷

তৰুণ গগৈৰ আঙুলিত ধৰি ৰাজনীতি কৰা এইজন মন্ত্ৰীৰ আচাৰ ব্যৱহাৰ ৰাইজে বুজিছে বুলিও তেওঁ কয়৷ইপিনে তেজপুৰৰ প্ৰাক্তন বিজেপি সাংসদ আৰু বৰ্তমানৰ কংগ্ৰেছ নেতা ৰাম প্ৰসাদ শৰ্মাই বিজেপি দলৰ প্ৰভাৰী ৰাম মাধৱ অসমলৈ ষ্টাৰ হোটেলত থাকি বিলাসিতা কৰিবৰ বাবেহে আহে বুলি মন্তব্য কৰে৷শৰ্মাই লগতে ৰাজ্যত বৰ্তমান ১৪বিধ সামগ্ৰীৰ চিণ্ডিকেট চলি থকাৰ উপৰি ইয়াৰ ধনৰ অংশ দিল্লী পৰ্যন্ত যায় বুলিও কয়৷তদুপৰি,আগন্তুক নিৰ্বাচনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস পৰাজিত হ’ব বুলিও তেওঁ মন্তব্য কৰে৷ইপিনে বিয়লি কংগ্ৰেছৰ ৰাজ্যিক সভাপতি প্ৰমুখ্যে আনসকল নেতাৰ উপস্থিতিত নপামতো গাভৰু মণ্ডল কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা দ্বিতীয়খন সভাত আন কে’বা শতাধিক লোকে কংগ্ৰেছত যোগদান কৰে৷

Exit mobile version