প্ৰসংগঃমন কী বাত ভিডিঅ’ৰ ডিছলাইক

77843922

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “মন কী বাত” অনুষ্ঠানটো সম্প্ৰতি চৰ্চাত আছে। কাৰণ বিগত দেওবাৰে মোদীৰ মন কী বাত অনুষ্ঠানত পুতলা উদ্যোগৰ বিষয়ে কৰা চৰ্চাই লাইকতকৈ অধিক ডিচ লাইক পাবলৈ সক্ষম হয়। বিজেপিৰ এটি চেনেলৰ জৰিয়তে প্ৰকাশ পোৱা মন কী বাত ভিডিঅ’টিক দেশবাসীৰ লগতে বিৰোধীয়েও সমালোচনাৰ বিষয় কৰি লয় । ইফালে, একাধাৰে পোৱা ডিচলাইকৰ কাৰণে বিজেপিয়ে চেনেলটোৰ “লাইক” আৰু “ডিচলাইক”সুবিধা বন্ধ কৰি দিয়ে ৷

উল্লেখযোগ্য যে কৰ’না ভাইৰাছৰ সময়ত লাখ লাখ যুৱক-যুৱতী নিবনুৱা হৈ পৰিছে ৷ এনে সময়তে প্ৰধানমন্ত্ৰী মোদীয়ে দেশৰ নিবনুৱা যুৱকযুৱতীসকলৰ কথা আলোচনা নকৰিলে ৷ এই সময়তে ছ’চিয়েল মিডিয়াত একাংশই মোদীক কয় যে দেশত লাখ লাখ নিবনুৱাৰ জীৱন, নিৰাপত্তাৰ আলোচনাৰ পৰা মোদী বিৰত আছে ৷ ইয়াৰ বিপৰীতে আকৌ বিজেপিয়ে মোদীৰ মন কী বাতত অধিক ডিচলাইক পোৱা বিষয়টো কংগ্ৰেছৰে এজেন্দা বুলি সদৰী কৰিছে।

প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানৰ পিছত কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়েমোদীক NEET আৰু JEE পৰীক্ষাক লৈ পূৰ্বতেও কটাক্ষ কৰিছিল লগতে বহুতো প্ৰশ্ন কৰিছিল । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ৰ জৰিয়তে দেশৰ ছাত্ৰ ছাত্ৰীক উদ্দেশ্য কৰি কৈছিল যে ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত। গতিকে কেন্দ্ৰীয় চৰকাৰৰ অক্ষমতা এতিয়া সকলো ফালৰ পৰা দৃষ্টিগোচৰ হৈছে।

উল্লেখযোগ্য ৬৮ সংখ্যক মন কী বাতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না , আত্মনিৰ্ভৰশীল ভাৰত আৰু শিশুসকলৰ বিভিন্ন খেল, ভিডিঅ’ গেম আদিৰ বিষয়ে মন্তব্য কৰে ৷ লগতে মোদীয়ে কয় যে শিশুসকলে বিশেষকৈ কৰ’নাৰ সময়ত খাদ্যাভাসৰ ওপৰত গুৰুত্ব দিব লাগে । কাৰণ শিশুসকলৰ পুষ্টি অতিকৈ জৰুৰী । গৰ্ভৱতী মহিলাসকলৰ কাৰণে পুষ্টিকৰ আহাৰ খোৱাটো প্ৰয়োজন । লগতে এখন নিউট্ৰিশ্যন কাৰ্ড তৈয়াৰ কৰাৰো পোষকতা কৰে মোদীয়ে।

Exit mobile version