বলিউডৰ অভিনেত্ৰী মালাইকা আৰোৰা আক্ৰান্ত কৰ’নাত

malaika arora fitness secret main

বলিউডৰ কে’বাজনো জনপ্ৰিয় অভিনেতা-অভিনেত্ৰী কৰ’নাত আক্ৰান্ত হোৱাৰ পাছত আজি মালাইকা আৰোৰাৰ দেহত কৰ’না পজিটিভ ধৰা পৰে । বৰ্তমান অভিনেত্ৰীগৰাকী ঘৰতে কোৱাৰেন্টাইনত আছে।

আজি পুৱা ৪৫ বছৰীয়া অভিনেত্ৰী গৰাকীয়ে নিজৰ ইনষ্টাগ্ৰামত এই কথা শ্বেয়াৰ কৰি লিখে যে, আজি মোৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে। সকলোকে জনাব বিচাৰো যে মই বৰ্তমান সুস্থ। চিকিৎসকৰ পৰামৰ্শ অনুসৰি সকলো ক’ভিড প্ৰট’কল মানি চলি ঘৰতে কোৱাৰেন্টাইনত আছো। সকলো সুৰক্ষিতভাৱে থাকক। সকলোৰে সমৰ্থনৰ বাবে ধন্যবাদ। বহুত মৰম ।”

টিভিৰ জনপ্ৰিয় ৰিয়েলিটি শ্ব’ ‘India’s Best Dancer’ত বিচাৰকৰ ৰূপত দেখিবলৈ পোৱা মালাইকাই জুলাইৰ পৰা পুনৰ কাম আৰম্ভ কৰিছিল। আনহাতে, মালাইকাৰ বয়ফ্ৰেণ্ড অৰ্জুন কাপুৰো আক্ৰান্ত হৈছে কৰ’নাত। দেওবাৰে অৰ্জুন কাপুৰে কৰ’নাত আক্ৰান্ত হোৱাৰ কথা শ্বেয়াৰ কৰিছিল।

Exit mobile version