মুকালমুৱাত খাৱৈত বাগৰিল বিলাসী বাহন, এজনৰ মৃত্যু

WhatsApp Image 2020 09 07 at 5.55.44 PM

নলবাৰী জিলাৰ মুকালমুৱাৰ সাপকাটাত আজি এক ভয়ংকৰ দুর্ঘটনা সংঘটিত হয়। নিয়ন্ত্ৰণ হেৰুৱাই আৰোহীসহ দ’ খাৱৈত বাগৰি পৰে এখন চাৰিচকীয়া বাহন । উক্ত পথ দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন দুজন লোক আহত হয় বুলি জনা গৈছে।

প্ৰাপ্ত খবৰ মতে, আজি পুৱা পশ্চিম নলবাৰী অঞ্চলৰ দাহুদীৰ পৰা চালকসহ তিনিজন আৰোহী গুৱাহাটী অভিমুখে গৈ আছিল। শুকেকুছি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাধৱ ভূঞাৰ AS-01EH-3104 নম্বৰৰ ৰঙা ৰঙৰ বলেৰ’ গাড়ীখনেৰে দাহুদী হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণী বৰ্মনৰ কোনো আত্মীয়ৰ ঘৰলৈ মুকালমুৱা হৈ গৈ থকা অৱস্থাত উক্ত দুৰ্ঘটনা সংঘটিত হয়।

এগৰাকী চাইকেল আৰোহীক বচাবলৈ গৈ চালকজনে নিয়ন্ত্ৰণ হেৰুৱাই পেলোৱাত মুকালমুৱাৰ সাপকাটাত এটা দ’ খাৱৈত সোমাই পৰে বাহনখন। পানীৰ মাজতে বাহনখনত আৱদ্ধ হৈ থকা বিপুল বৰ্মন নামৰ চালকজন কোনোমতে ওলাই আহিবলৈ সক্ষম হয় যদিও মাধৱ ভূঞা আৰু ৰাণী বৰ্মনক স্থানীয় লোকে গাড়ীখনৰ আইনা ভাঙি বাহিৰলৈ উলিয়াই আনে।

পিছত আহত তিনিওজনকে স্থানীয় মুকালমুৱা সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয় যদিও ইয়াৰে মাধৱ ভূঞা (৫৩) নামৰ শিক্ষকজনৰ আঘাত গুৰুতৰ হোৱাত তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে চিকিৎসকে। পিছত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু ঘটে বুলি জানিব পৰা গৈছে। আনহাতে, আহত বাকী দুজন আৰোহী বিপদমুক্ত বুলি জনা গৈছে।

উল্লেখ্য যে, প্ৰায় ছমাহ পূৰ্বে শিক্ষক মাধৱ ভূঞাই উক্ত বাহনখন ক্ৰয় কৰিছিল। মৃত্যুৰ সময়ত শিক্ষক গৰাকীয়ে পত্নীৰ লগতে এজন পুত্ৰ সন্তানক ইহ সংসাৰত এৰি থৈ যায়। উক্ত দুৰ্ঘটনাটোৱে সমগ্ৰ পশ্চিম নলবাৰী অঞ্চলতে গভীৰ শোকৰ ছাঁ পেলাইছে।

Exit mobile version