সুশান্তৰ ভগ্নী প্ৰিয়ংকাৰ বিৰুদ্ধে অভিযোগ আনিলে ৰিয়া চক্ৰৱৰ্তীয়ে

10d25640 d8d7 48f6 a380 740710003ad1

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনাৰ সন্দৰ্ভত চিবিআইৰ তদন্ত অব্যাহত আছে । অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ লগতে ৰিয়াৰ পৰিয়ালৰ সদস্য সকলক জেৰা চলাই আছে চিবিআই । ইয়াৰ মাজতেই ৰিয়াই সুশান্তৰ ভগ্নী প্ৰিয়ংকা সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে ।

ৰিয়াই সুশান্তৰ ভগ্নী প্ৰিয়ংকা লগতে মনোহৰ লোহিয়া চিকিৎসালয়ৰ চিকিৎসক ডাঃ তৰুণ কুমাৰৰ লগতে কে’বাগৰাকী লোকৰ বিৰুদ্ধে মুম্বাই আৰক্ষীক গোচৰ ৰুজু কৰে । ৰিয়াৰ অধিবক্তা সতীশ মানচিণ্ডে জনোৱা অনুসৰি সুশান্তক ভগ্নী প্ৰিয়ংকাই ভুৱা প্ৰেছক্ৰিপচনেৰে যোগান ধৰিছিল হতাশাৰ ঔষধ । যোৱা আঠ জুন তাৰিখে দিল্লীৰ এখন চিকিৎসালয়ত OPD patient হিচাপে সুশান্তক দেখুওৱা হৈছে ।

কিন্তু সেই দিনা সুশান্ত মুম্বাইতে আছিল । প্ৰেছক্ৰিপছন জালিয়াতি কৰি হতাশাৰ ঔষধ যোগানৰ অভিযোগত NDPS এক্ট, টেলি মেডিচিন প্ৰেক্টিচ গাইড লাইনছ ২০২০অনুসৰি গোচৰ ৰুজু কৰা হৈছে বুলি অধিবক্তা গৰাকীয়ে উল্লেখ কৰে ।

উল্লেখ্য যে সুশান্তক ড্ৰাগছ দিয়াৰ অভিযোগত ৰিয়া চক্ৰৱৰ্তীৰ বিৰুদ্ধে নানা অভিযোগ উত্থাপিত হৈছে । লগতে ৰিয়াই সুশান্তৰ ধন আত্মসাৎ কৰা,মানসিক প্ৰতাৰণা চলোৱাৰ অভিযোগ সুশান্তৰ পৰিয়ালে উত্থাপিত কৰিছে ।

এই সন্দৰ্ভত ইডি আৰু চিবিআইয়ে তদন্ত চলাই আছে । ইডিৰ হাতত আহি পৰা হোৱাটছএপ মেছেজৰ জৰিয়তে সুশান্ত সিং ৰাজপুতৰ মৃত্যু তদন্তত নতুন মোৰ সৃষ্টি কৰিছে ৰিয়া চক্ৰৱৰ্তী আৰু ৰিয়াৰ ভাতৃ শৌভিক চক্ৰৱৰ্তীৰ ড্ৰাগছ মাফিয়াৰ সৈতে যোগা়োগৰ ঘটনাই ।

ইতিমধ্যে এই অভিযোগত গ্ৰেপ্তাৰ হৈছে ৰিয়াৰ ভাতৃ শৌভিক । আটক কৰা হৈছে সুশান্তৰ পৰিচাৰক দীপেশক । দীপেশৰ জেৰাত পোহৰলৈ আহিছে কেতবোৰ চাঞ্চল্যকৰ তথ্য।

Exit mobile version