- ৰাজ্যত পুনৰ ১৫৩৭জনৰ দেহত ধৰা পৰিছে কৰ’না ভাইৰাছৰ উপস্থিতি৷ইয়াৰে ৩৮২জন কামৰূপ মেট্ৰ’, ১২৫জন হোজাই আৰু ১০৮জন ডিব্ৰুগড়ৰ । ৰাজ্যত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১,২৫,৪৫৯জনলৈ বৃদ্ধি পাইছে । মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে ৩৬০ জনলৈ ।
- মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ ঠাকৰেৰ বাসগৃহত বোমা বিস্ফোৰণৰ ভাবুকি প্ৰদান কৰা খবৰ পোহৰলৈ আহিছে । এক খবৰ অনুসৰি মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক ডুবাইৰ পৰা ফোনযোগে এই ভাবুকি প্ৰদান কৰিছে। এই খবৰ লাভ কৰাৰ পাছতে মুম্বাই আৰক্ষী তৎপৰ হৈ পৰাৰ লগতে তদন্ত আৰম্ভ কৰিছে ৷
- অসম বিধানসভাত মৰাণ, মটক আৰু কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ বিধেয়ক গৃহীত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই । লগতে বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰিবলৈ বিজেপিক সকীয়াই দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি বৰাই ।
- কৰ’নাৰ সন্ত্ৰাস বৃদ্ধিৰ বাবে ইউ এ ইৰ তিনি স্থানত অনুষ্ঠিত হ’ব আইপিএল । ইউএইৰ তিনি স্থান ডুবাই, আবুধাবি আৰু শ্বাৰজাহত অনুষ্ঠিত হ’ব এই বৰ্ষৰ আইপিএল । উল্লেখ্য যে অহা ১৯ চেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ’ব লগীয়া আইপিএলৰ প্ৰথম খন খেল মুম্বাই ইণ্ডিয়ানছ বনাম চেন্নাই চুপাৰ কিংছ ।
- শেহতীয়াকৈ প্ৰায় ১৬৯ দিনৰ অন্তত আজিৰে পৰা আৰম্ভ হ’ল দিল্লী মেট্ৰ সেৱা । কৰ’নাক প্ৰতিহত কৰিব পৰাকৈ সকলো সৰ্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰি এই মেট্ৰ’ সেৱা আৰম্ভ কৰা হৈছে । তিনিটা পৰ্যায়ত এই মেট্ৰ সেৱা প্ৰথমে আৰম্ভ কৰিব দিল্লী মেট্ৰ ৰেল নিগমে।
- বিগত ২৪ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ৯০,৮০২গৰাকী লোক । মৃত্যু ১,০১৬জন ৷ এই বৰ্দ্ধিত সংখ্যাৰ সৈতে ভাৰতত বৰ্তমান কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা হৈছে ৪২লাখ ৪হাজাৰ ৬১৪গৰাকী । অৱশ্যে ইয়াৰে ৩২লাখ ৫০হাজাৰ ৰোগী সুস্থ হৈছে ।
- মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছে বিন লাডেনৰে ভতিজী নুৰ বিন লাডেন৷মাৰ্কিন ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে লাডেনৰ ভতিজীয়ে ছ’চিয়েল মিডিয়াত ট্ৰাম্পৰ সমৰ্থনত আৰম্ভ কৰিছে ব্যাপক প্ৰচাৰ অভিযান।
ADVERTISEMENT