জনসাধাৰণৰ মাজলৈ ৰাছিয়াৰ ভেকচিন Sputnik V

russia coroanvirus vaccine sputnik v 1599239860

ৰাছিয়াৰ গামালেয়া ইনষ্টিটিউটে প্ৰস্তুত কৰা ভেকচিন Sputnik V  জনসাধাৰণৰ কাৰণে মুকলি কৰিলে ৷ লগতে Sputnik V অন্য দেশলৈ কেনকৈ বিতৰণ কৰা হ’ব আৰু ভৱিষ্যতৰ কাৰণে এই ভেকচিন ব্যৱহাৰ কেনেধৰণৰ হ’ব সেই বিষয়েও পৰিকল্পনা কৰি থকা হৈছে ।

উল্লেখযোগ্য যে ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ অনুসৰি গামালেয়া ৰিচাৰ্ছ ইনষ্টিটিউটত অফ ইপিডেমাইঅ’লজি আৰু মাইক্ৰবায়’লজীয়ে প্ৰস্তুত কৰা Sputnik V Covid ভেকচিনকলৈ বিভিন্ন চৰ্চা অব্যাহত আছে । আনহাতে এই ভেকচিন বিতৰণ স্বাস্থ্য মন্ত্ৰণালয়ৰ অধীনত হ’ব।

আনহাতে, ৪০,০০০ লোকে  ভেকচিনৰ এই পৰীক্ষা কৰিবলৈ মন মেলিছিল । ইয়াৰ পিছতে ৰাছিয়াই ঘোষণা কৰে যে এই ভেকচিনে ইতিমধ্যে সফলতা লাভ কৰিছে ৷

ৰাছিয়াত প্ৰস্তুত কৰা কৰ’না ভাইৰাছৰ ভেকচিনৰ সুৰক্ষাক লৈ বিশ্বজুৰি এতিয়াও জল্পনা-কল্পনা চলি আছে । এই ভেকচিনৰ ওপৰত সকলে চলোৱা বহুতো পৰীক্ষণৰ পাছত এই ভেকচিন সুৰক্ষিত বুলি গৱেষকসকলে নিশ্চিত কৰিছে ।

এই ভেকচিনৰ মানৱ শৰীৰত কৰা পৰীক্ষণৰ অন্তত জানিব পৰা গৈছে যে এই ভেকচিনে মানৱ শৰীৰত কৰ’না ভাইৰাছৰ লগত যুঁজ দিবলৈ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । এই ভেকচিন ট্ৰায়েল কৰা কোনো লোকৰে শৰীৰত কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া পৰিলক্ষিত হোৱা নাই । ২১ দিনৰ ভিতৰত তেওঁলোকৰ শৰীৰৰ এন্টিবডী উৎপন্ন হোৱা বুলি গৱেষক সকলে জনাইছে।

লগতে এই ভেকচিনে শৰীৰত ‘টি -ছেল’ উৎপন্ন কৰিছে যিয়ে কৰ’না ভাইৰাছ ধ্বংস কৰিব পাৰে ৷ ৰাছিয়ান ডাইৰেক্ট ইনভেষ্টমেন্ট ফাণ্ড’ৰ অধ্যক্ষ কিৰিল দ্বিমেত্ৰিয়েভে জনাই যে, ‘এই ভেকচিনৰ ৬০ শতাংশ উৎপাদন ভাৰততে হৈছে । ভেকচিন প্ৰস্তুত কৰাত আমিও ভাৰতক সহায় কৰিম । ভাৰত চৰকাৰ আৰু ভেকচিন নিৰ্মাণকাৰী সকলৰ লগত এই বিষয়ে আলোচনা কৰি থকা হৈছে ।’

উল্লেখ্য যে এই ভেকচিনৰ পৰীক্ষণ ৰাছিয়াৰ দুখন হাস্পতালত কৰা হৈছিল।১৮ৰ পৰা ৬০ বছৰৰ বয়সৰ লোকৰ শৰীৰত এই ভেকচিনৰ ট্ৰায়েল কৰা হৈছে ।

Exit mobile version