পুনৰ প্ৰৰোচনা চীনৰ

India fired first’ China repeats after New Delhi says PLA fired near Pangong Tso world news

ভাৰত চীন সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ত আগ্ৰাসী চীনে বিগত দিনকেইটাত অস্থিৰতা সৃষ্টি কৰি থকাৰ পাছত এইবাৰ গুলীচালনা কৰি পুনৰ ভাৰতকে দোষাৰোপ কৰাৰ কূটকৌশলত লিপ্ত হৈছে ৷ ১৯৬২ ৰ ভাৰত-চীন যুদ্ধৰ পাছত সীমান্তত এই প্ৰথমবাৰ গুলীৰ শব্দ শুনিবলৈ পোৱা গ’ল ।

যুদ্ধৰ পাছত উত্তেজনা এৰাই চলিবলৈ দুয়োপক্ষই সীমান্ত অঞ্চলত আগ্নেয়াস্ত্ৰ কঢ়িয়াই নিনিয়াৰ বাবে এক বুজাবুজিত উপনীত হৈ ইমান দিনে তাক পালন কৰি আহিছিল যদিও সম্প্ৰসাৰণবাদী চীনে ভাৰতৰ ভূমি দখলৰ উত্তেজনাত এই বুজাপৰা ভংগ কৰি লাডাখৰ সীমান্তত গুলী চালনা কৰিলে ৷

ইয়াৰ পাছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছে আৰু পৰিস্থিতি কোন দিশে গতি কৰিব তাক অনুমান কৰাটো কঠিন হৈ পৰিছে ৷ কিয়নো দুয়ো দেশৰ মাজত সামৰিক আৰু কূটনৈতিক পৰ্যায়ত এখনৰ পাছত আনখন বৈঠক হোৱা সত্ত্বেও সমাধান সূত্ৰ সুদূৰ পৰাহত হৈ পৰিছে ৷ ইয়াৰ পৰিৱৰ্তে পৰিস্থিতি দিনক দিনে বেয়াৰ ফালে ঢাল খাইছে ৷

সোমাবাৰে চীনে লাডাখৰ পাংগং হ্ৰদৰ দক্ষিণপাৰত ভাৰতীয় অৱস্থানৰ নিকট স্থানলৈ আহিবলৈ চেষ্টা কৰে আৰু শূন্যলৈ গুলীচালনা কৰে । ভাৰতে আজি এই অভিযোগ কৰিছে ৷ চীনে দেশীয় আৰু আন্তৰ্জাতিক মহলত বিভ্ৰান্তিকৰ মন্তব্যৰে বিপথে পৰিচালিত কৰিবলৈ চেষ্টা কৰাৰ পাছতে ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিছে ৷

এক বিবৃতিত সেনাই দৃঢ়তা পোষণ কৰে যে কোনো পৰিস্থিতিতে ভাৰতীয় সেনা জোৱানে এল এ চি অতিক্ৰম কৰা নাই অথবা গুলিচালনাৰ দৰে কোনো আগ্ৰাসী পন্থা গ্ৰহণ কৰা নাই । ইপিনে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে মস্কোত চীনা প্ৰতিৰক্ষা মন্ত্ৰীৰ স’তে কৰা আলোচনাৰ তিনিদিন পাছতে এই শেহতীয়া গুলিচালনাৰ ঘটনা ঘটিল ৷

মস্কোত চীনা বৈদেশিক মন্ত্ৰী ৱাং ইৰ স’তে সম্ভাব্য আলোচনাৰ পূৰ্বে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে পূৱ লাডাখৰ পৰিস্থিতিক অতি গুৰুতৰ বুলি বৰ্ণনা কৰে আৰু অতি গভীৰ আলোচনাৰ বাবে আহ্বান জনায় ৷ কাইলৈ মস্কোত ভাৰত আৰু চীনৰ বৈদেশিক মন্ত্ৰীদ্বয় বৈঠকত মিলিত হোৱা কথা ।

জয় শংকৰে এই উত্তেজনাৰ প্ৰভাৱ দ্বিপাক্ষিক সম্পৰ্কত অৱধাৰিতভাৱে পৰিব বুলিও কয় ৷ মস্কোত Shanghai Cooperation Organisation এ আয়োজন কৰা সন্মিলনৰ বিৰতিত জয় শংকৰৰ স’তে ৱাই ইৰ বৈঠক সম্পন্ন হোৱা কথা আছে ৷

আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী সিঙক শেহতীয়া ঘটনাৰ প্ৰতিবেদন দাখিল কৰে ভাৰতীয় সেনাৰ মুৰব্বী এম এম নৰৱনেই । গালৱান উপত্যকাৰত শেহতীয়া সংঘৰ্ষৰ পাছত দুয়োপক্ষৰ মাজত হোৱা আলোচনাত সেনা আঁতৰাই নিয়াৰ সিদ্ধান্ত হাতত লোৱা হৈছিল ।

এই মৰ্মে গালৱানৰ পৰা সেনা প্ৰত্যাহাৰ কৰিলেও পাংগঙত এতিয়াও চাৰি মে’ৰ পূৰ্বৰ পৰিস্থিতিলৈ উভতি যোৱা নাই বেইজিং ৷ ইয়াৰ পৰিৱৰ্তে বিগত দিনকেইটাত ক্ৰমাগতভাৱে প্ৰৰোচনামূলক আচৰণ প্ৰদৰ্শন কৰি আহিছে ।সোমবাৰে সন্ধিয়াও তেনে এক আগ্ৰাসী আচৰণৰ বাবে সীমান্তত চৰম উত্তেজনা সৃষ্টি হয় ।

Exit mobile version