সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা সিং আৰু মীতু সিঙৰ বিৰুদ্ধে দাখিল কৰা FIR ভুৱা

shweta singh rhea

সুশান্ত সিং ৰাজপুতৰ ভগ্নী শ্বেতা সিং কীৰ্তিয়ে মঙলবাৰে প্ৰিয়ংকা সিং আৰু মীতু সিঙৰ বিৰুদ্ধে মুম্বাই আৰক্ষীয়ে দাখিল কৰা FIR ভুৱা বুলি দাবী কৰিছে। ৰিয়া চক্ৰৱৰ্তীয়ে অভিযোগ কৰা অনুসৰি মুম্বাই আৰক্ষীয়ে মঙলবাৰে সুশান্ত সিং ৰাজপুতৰ ভগ্নী প্ৰিয়ংকা সিং, মীতু সিং আৰু দিল্লীৰ ৰাম মনোহৰ লোহিয়া হস্পিতালৰ এজন চিকিৎসকৰে বিৰুদ্ধে অভিযোগ দাখিল কৰে।

FIRত উল্লেখ আছিল যে, এয়া কোনোৱে ষড়যন্ত্ৰ কৰিছিল আৰু চৰকাৰী হস্পিতালত এনডিপিএছ আইনৰ অধীনত নিষিদ্ধ ঔষধৰ ভুল প্ৰেছকিপছন দিয়া হৈছিল । যিটোৰ ফলত দীৰ্ঘস্থায়ী উদ্বেগত ভুগিব পাৰে আৰু যাৰ ফলস্বৰূপে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত হ’ল ।

ইয়াৰ প্ৰতিক্ৰিয়া জনায় শ্বেতা সিং কীৰ্তিয়ে টুইটাৰত লিখে যে, “কোনোৱে আমাক ভাঙিব নোৱাৰে, নিশ্চিতভাৱে এই ভুৱা FIR খনেও । #SSRFamilyStandsStrong#UnitedForSSRJustice#WholeIndiaIsSSRFamily.”

Exit mobile version