হেপী বাৰ্থডে আশা ভোষলে

asha bhosle 87 1200

প্ৰত্যেক বছৰত বাঢ়ি অহা বয়সে প্ৰভাৱ পেলাব পৰা নাই চিৰ যৌৱনা হৃদয়ৰ গৰাকী তথা বলীউডৰ জনপ্ৰিয় গায়িকা আশা ভোষলেৰ জীৱনত । বলীউডৰ চিৰ সেউজ গায়িকা আশা ভোষলেই ৮৭ সংখ্যক জন্মদিনত ৪০ বছৰীয়া যেন অনুভৱ কৰিছে ।

আশা ভোষলেই এখন ফ’টো অনুৰাগীলৈ আগবঢ়াই ধন্যবাদ দিয়াৰ লগতে টুইট কৰে “মই ৮৭ বছৰ অতিক্ৰম কৰি ৮৮ বছৰ হ’বলৈ গৈ আছো । কিন্তু মই এতিয়াও ৪৪ বছৰীয়া যেন অনুভৱ কৰো। মই আশা কৰো সকলোৱে নিজৰ জীৱনৰ প্ৰতি ইতিবাচক ধাৰণা ল’ব । সকলোৱে হাঁহি থাকক ৷ আৰু সকলোৰে মাজত আনন্দ বিলাওক ৷ আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে ধন্যবাদ ৷”

ইপিনে জ্যেষ্ঠ ভগ্নী লতা মংগেশকাৰে ভগ্নী আশা ভোষলেক জন্মদিনৰ উপলক্ষে ছ’চিয়েল মিডিয়াৰ যোগেৰে দিছে এটি সুন্দৰ শুভেচ্ছা । লতা মংগেশকাৰে আশা ভোষলেক উদ্দেশ্য কৰি লিখে “নমস্কাৰ, আজি মোৰ সৰু ভগ্নী আশা ভোষলেৰ জন্মদিন । তেওঁৰ নাম সমগ্ৰ পৃথিৱীয়ে জানে ৷ মই আশীৰ্বাদ কৰিছো যাতে তেওঁ এনেকৈয়ে গীত গাই থাকে । আৰু সুখী থাকক ৷”

আনহাতে বলীউডৰ বহু তাৰকাই জনপ্ৰিয় গায়িকা গৰাকীক ছ’চিয়েল মিডিয়াৰ জৰিয়তে শুভেচ্ছা জনাইছে । ইয়াৰ ভিতৰত শ্ৰদ্ধা কাপুৰে লিখিছে “Double Birthday love”. উল্লেখযোগ্য যে বলীউডত প্ৰায় হাজাৰতকৈও অধিক ছবিত কণ্ঠদান কৰিছে আশা ভোষলেই ।

১৯৪৩ৰ পৰা সংগীত জগতখনত পদাৰ্পণ কৰা আশা ভোষলেই ১৯৭৮ ত “ডন” ছবিত Ye Mera Dil, ১৯৭৩ ত “নেইনা”ছবিত Hone lagi hain Rat, ১৯৭১ত “কাৰাৱান” ছবিত Piya Tu Ab To Aaja, ১৯৬৮ ত “চিকাৰ” ছবিত Parde Mein Rehne Do, ১৯৮১ ত “উমৰাও জান”ত Dil Cheez kya Hai. আদি বহু গীতত কণ্ঠ নিগৰাইছে ৷

Exit mobile version