৩০ হেজাৰ বিষয়া-কৰ্মচাৰীক স্বেচ্ছা অৱসৰ দিব ষ্টেট বেংকে

117319 sbi

দেশৰ বৃহত্তম ৰাষ্ট্ৰীয়কৃত বেংক ষ্টেট বেংক অৱ ইণ্ডিয়াৰ স্বেচ্ছা অৱসৰৰ চৰকাৰী নীতি সমালোচনাৰ সন্মূখীন হৈছে। বিগত বৰ্ষত ৰাষ্ট্ৰীয়কৃত টেলিকম সংস্থা বি এছ এন এলৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ পাছত এইবাৰ এছ বি আইৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা এই পৰিকল্পনা অৰ্থনীতিৰ বিধ্বস্ত অৱস্থাত গৰিহণাযোগ্য আৰু নিষ্ঠুৰ বুলি সমালোচনা কৰে কংগ্ৰেছ নেতা তথা প্রাক্তন কেন্দ্ৰীয় মন্ত্ৰী পি চিডাম্বৰমে। কেন্দ্ৰীয় চৰকাৰৰ মতে, ব্যয় হ্রাসৰ বাবে এনে পদক্ষেপ লোৱা হৈছে।

ADVERTISEMENT

চৰকাৰী সূত্ৰত প্ৰকাশ যে অহা পহিলা ডিচেম্বৰৰ পৰা ৩০ হেজাৰ কৰ্মচাৰীক স্বেচ্ছামূলক অৱসৰ দিয়াৰ পৰিকল্পনা কৰিছে ৰাজহুৱা খণ্ডৰ এই বেংকটোৱে। ইতিমধ্যে এই সম্পৰ্কীয় প্ৰকল্পৰ খচৰা প্ৰস্তুত কৰা হৈছে। এই মুহূৰ্তত ই বেংকৰ পৰিচালনা পৰিষদৰ অনুমোদনৰ অপেক্ষাত আছে। উল্লেখ্য যে, এছ বি আইত বিগত বৰ্ষত ২.৫৭ লাখ কৰ্মচাৰী আছিল। এইবাৰ মাৰ্চত ই ২.৪৯ লাখলৈ হ্ৰাস পায়।

Exit mobile version