কৰ’না যুঁজত চীনৰ জয়লাভ : ৰাষ্ট্ৰপতি জিনপিঙৰ দাবী

https cdn.cnn .com cnnnext dam assets 200310023417 01 xi jinping wuhan 0310

কৰ’না যুঁজত চীনে জয়লাভ কৰিছে । এই দাবী কৰিছে স্বয়ং ৰাষ্ট্ৰপতি জিনপিঙে । চীনত আয়োজিত এক অনুষ্ঠানত উপস্থিত থাকি ৰাষ্ট্ৰপতি জিনপিঙে কয়, ‘কৰ’না ভাইৰাছ বিৰোধী যুঁজত আমি জয়লাভ কৰিছো । এই অসাধাৰণ তথা ঐতিহাসিক পৰীক্ষাত আমি সসন্মানেৰে উত্তীৰ্ণ হৈছো।’

এই অনুষ্ঠানত কৰ’না পৰিস্থিতিত সাহসেৰে সন্মুখীন হোৱাত নিৰ্দশন স্থাপন কৰা চাৰিজন চিকিৎসাকৰ্মীক ‘দা পিপ’লছ হিৰ’ স্বৰ্ণপদকৰে সন্মান জনোৱা হয় । এই সন্মান জনায় জিনপিঙে কয়, ‘আমি এতিয়া অৰ্থনীতিৰ পুনৰ উত্থানৰ লগতে কৰ’না বিৰোধী যুঁজত বিশ্বক নেতৃত্ব প্ৰদান কৰিছো।’

অনুষ্ঠানৰ আৰম্ভণিৰ সময়ত কৰ’নাত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ মৌনতা পালন কৰে ৰাষ্ট্ৰপতি জিনপিঙসহ উপস্থিত সকলে ।চীনত কৰ’নাত আক্ৰান্ত হৈ ৪,৬৩৪ জনৰ মৃত্যু হোৱা বুলি চৰকাৰী ভাৱে জনোৱা হৈছে যদিও এই ক্ষেত্ৰতো দেশখনে তথ্য গোপন কৰাৰ অভিযোগ আছে ।

সন্মান লাভ কৰা চাৰিজন চিকিৎসা কৰ্মীৰ ভিতৰত অন্যতম হৈছে ৮৩ বছৰ বয়সীয়া ঝাং নানঝানক দেশখনৰ চৰকাৰ নিয়ন্ত্ৰিত সংবাদ মাধ্যমে কৰ’না বিৰোধী যুঁজৰ ‘মূল’ ব্যক্তি হিচাপে অভিহিত কৰিছে ।

আন এজন সন্মানপ্ৰাপক উহানৰ জৈৱ ৰসায়নবিদ ৭২বছৰ বয়সীয়া চেন ৱেইৰ দাবী অনুসৰি প্ৰাচীন কালতে চীনৰ চিকিৎসালয়ত কৰ’না প্ৰতিৰোধী ঔষধ আছিল।কৰ’না বিপদক পোহৰলৈ অনা চিকিৎসক লি ৱেনলিঙক ‘দ্য পিপ’লছ হিৰ’ সন্মান জনায় ৰাষ্ট্ৰপতি জিনপিঙে।

Exit mobile version