মুম্বাইত উপস্থিত হ’ল কংগনা ৰানাউট

Kangana Ranaut

মুম্বাইত উপস্থিত হ’ল অতিকৈ চৰ্চাত থকা অভিনেত্ৰী কংগনা ৰানাউট আৰু তেওঁৰ জ্যেষ্ঠ ভগ্নী ।কংগনাৰ মুম্বাইলৈ আগমনৰ সন্দৰ্ভত বিমানবন্দৰত দেখা গ’ল প্ৰশাসনৰ কটকটীয়া নিৰাপত্তা বেষ্টনী। ইপিনে বিমানবন্দৰৰ বাহিৰত কংগনা সমৰ্থক-বিৰোধী দুয়োপক্ষই প্ৰতিবাদ কৰি পৰিস্থিতি উত্তাল কৰি তোলে ৷শিৱসেনাৰ বহু সমৰ্থকে হাতত বেনাৰলৈ কংগনাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দিয়ে ৷

আনহাতে কংগনাৰ সুৰক্ষাৰ কাৰণে মুম্বাই পুলিচৰ ফীল্ড মাৰ্শ্বেল,চিআইএছএফ আৰু মুম্বাই পুলিচৰ ২৪ জন তকৈ অধিক আৰক্ষী নিয়োগ কৰে ৷আৰপিআইৰ কৰ্মকৰ্তাসকলে কংগনাৰ সমৰ্থনত বিমানবন্দৰত বিভিন্ন শ্ল’গান দিয়ে ৷

আজি মুম্বাইৰ বিমানবন্দৰত কৰণী সেনাক কংগনা ৰানাউটক সমৰ্থন কৰা দেখা গ’ল। কৰণী সেনা মত অনুসৰি তেওঁলোকে কংগনাক ঘৰৰ বাহিৰৰ পৰা ভিতৰলৈ সুৰক্ষা প্ৰদান কৰিব। অৱশ্যে কংগনাই ইতিমধ্যে Y কেটেগৰীৰ নিৰাপত্তা লাভ কৰিছে ।

উল্লেখযোগ্য যে আজি পুৱা BMC য়ে অবৈধ নিৰ্মাণৰ পৰিপ্ৰেক্ষিতত কংগনাৰ কাৰ্যালয় উচ্ছেদ কৰে ৷পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হোৱা এই উচ্ছেদ ১২.৪০ লৈকে হয়। এই সময়ত কাৰ্যালয়টোৰ আশে পাশে থকা লোকসকলে এই উচ্ছেদৰ বিৰোধ কৰিছিল ।ইতিমধ্যে ব’ম্বে উচ্চ ন্যায়ালয়ে BMC ৰ এই কাৰ্য স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছে। এই সন্দৰ্ভত পৰৱৰ্তী শুনানি হ’ব বৃহস্পতিবাৰে ৩ বজাত ৷

ইয়াৰ মাজতে শৰদ পাৱাৰে BMC এই কাৰ্যক তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। তেওঁ কয়”মুম্বাইত আৰু অবৈধ নিৰ্মাণ আছে ৷এইয়া অনৰ্থক কাম ৷BMC য়ে এই সিদ্ধান্ত কিয় ল’লে সেয়া হ’ব গুৰুত্বপূৰ্ণ।

উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰানাউট আৰু বলীউডৰ মাজত চলি থকা যুদ্ধ খনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ কংগনাই বলীউডৰ বহু ৰথী৷মহাৰথীক স্বজনপ্ৰীতিক লৈ কটু ভাষাৰে সমালোচনা কৰে ৷ সম্প্ৰতি এই বিষয়টোত ৰাজনীতিৰ লগত জড়িত বহু ব্যক্তিৰ নাম সাঙুৰ খাইছে ৷ তাৰ ফলশ্ৰুতিত আজি কংগনাৰ কাৰ্যালয়ত হাতুৰীৰ কোব পৰিল বুলি মন্তব্য কৰিছে একাংশ অনুৰাগীয়ে।

Exit mobile version