AstraZenecaৰ ক’ভিড-১৯ভেকচিনৰ তৃতীয় পৰ্যায়ৰ পৰীক্ষাৰ পাছত হঠাৎ অসুস্থ হৈ পৰা অংশগ্ৰহণকাৰী আছিল ইংলেণ্ডৰ এগৰাকী মহিলা। মহিলাগৰাকীৰ Transverse myelitis নামৰ মাৰাত্মক ৰোগত ভোগাৰ লগতে স্নায়ুজনিত সমস্যাৰ লক্ষণে দেখা দিছিল। বুধবাৰে পুৱা বিনিয়োগকাৰী সকলৰ স’তে হোৱা ব্যক্তিগত বৈঠকত এই কথা সদৰী কৰে ভেকচিন নিৰ্মাতা কোম্পানীৰ মুখ্য কাৰ্যকৰী বিষয়া পাস্কাল সৰিওটে।
ADVERTISEMENT
উল্লেখ্য যে, যোৱা মাহৰ শেষৰ ভাগত AstraZeneca ৰ আৰম্ভ হৈছিল আৰু ইয়াৰ বাবে আমেৰিকাৰ ৩০ হেজাৰ লোকক ভৰ্তি কৰোৱা হৈছিল । এইটো আছিল ক’ভিড ভেকচিনৰ ক্ষেত্ৰত সকলোতকৈ ডাঙৰ অধ্যয়ন। মঙলবাৰে AstraZeneca ক’ভিড-১৯ ভেকচিনৰ শেষপৰ্যায়ৰ পৰীক্ষাত মহিলাগৰাকীৰ পাৰ্শ্ব প্ৰতিক্ৰিয়া আৰু অসুস্থতাৰ বাবে স্থগিত কৰি ৰখা হয়।