প্ৰসংগঃ চীনৰ ভিছা বাতিল

5407

ড’নাল্ড ট্ৰাম্পে চীনৰ ১ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ভিজা বাতিল কৰাৰ সন্দৰ্ভত সম্প্ৰতি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে চীনে ৷ চীনৰ বৈদেশিক মন্ত্ৰীয়ে আজি চীনৰ এই সিদ্ধান্তৰ সন্দৰ্ভত কয় “কোনো কাৰণ নোহোৱাকৈ চীনৰ প্ৰতি দেখুওৱা বিভিন্ন পদক্ষেপ অনতিপলমে আমেৰিকাই  বন্ধ কৰিব লাগে ৷”

লগতে তেওঁ কয় যে ছাত্ৰ ছাত্ৰীসকলৰ লগত কৰা এই কাৰ্যই মানৱীয়তাক বিৰোধ কৰিছে । উল্লেখযোগ্য যে আজি পুৱা ফান্সৰ পৰা অনা ৫ খন আধুনিক যুঁজাৰু বিমান হাৰিয়ানাৰ আম্বালাস্থিত বায়ুসেনা বাহিনীলৈ স্বাগতম জনোৱা হয় ।

এই ঐতিহাসিক মূহুৰ্তত দেশৰ প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে কয় “ৰাফেল যুঁজাৰু বিমান ভাৰতীয় বায়ুসেনাত অন্তৰ্ভুক্ত হোৱাৰ ক্ষণটো সমগ্ৰ বিশ্বৰ কাৰণে প্ৰত্যাহ্বান স্বৰূপ । বিশেষকৈ তেওঁলোকৰ কাৰণে যিসকলে আমাৰ নিজস্বতাত চকু দি আছে । মই বায়ুসেনাৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰিছো ।”

আনহাতে জুলাই পাঁচ তাৰিখে ৫ খন ৰাফেল যুঁজাৰু বিমান আগমন হয় ভাৰতলৈ । ২৭ জুলাইত সাতজন ভাৰতীয় পাইলটে ৰাফেল লৈ ফান্সৰ পৰা ভাৰতলৈ বুলি ৭০০০ কিলোমিটাৰেৰে ২৯ জুলাইত ভাৰতত উপস্থিত হয় ।

Exit mobile version