প্ৰসংগ: সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা

rhea chakraborty 232 0

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা আৰু মাদক দ্ৰব্য সৰবৰাহৰ সন্দৰ্ভত গ্ৰেপ্তাৰৰ জামিন আবেদনৰ সন্দৰ্ভত শুক্ৰবাৰে সিদ্ধান্ত ল’ব মুম্বাই আদালতে । আজি মুম্বাইৰ এখন বিশেষ আদালতে ৰিয়াৰ জামিন আবেদনৰ সন্দৰ্ভত কয় যে ইয়াৰ সিদ্ধান্ত হ’ব শুক্ৰবাৰে ।

উল্লেখযোগ্য যে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত অভিযুক্ত ৰিয়াক NCB য়ে একাধাৰে তিনিদিন জেৰা কৰাৰ পিছত গ্ৰেপ্তাৰ কৰে ৷ ইয়াৰ পাছত ৰিয়াক আদালতলৈ নিয়া হৈছিল । আৰু আদালতে ৰিয়াক ২২ ছেপ্টেম্বৰলৈকে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ সম্প্ৰতি ৰিয়া আছে ভায়খলা কাৰাগাৰত।

আনহাতে, ৰিয়া চক্ৰৱৰ্তীৰ জামিন আবেদনত বৃহস্পতিবাৰে চেচন আদালতত শুনানি হয় । যদি আদালতে ৰিয়াৰ আবেদন নাকচ কৰে, ৰিয়াৰ আবেদনৰ সন্দৰ্ভত কি সিদ্ধান্ত ল’ব সেয়া নিৰূপণ হ’ব শুক্ৰবাৰে ৷ কিন্তু এইবাৰ ৰিয়াই নিজৰ ভাষ্য বহু সলনি কৰিছে ৷

ৰিয়াৰ মত অনুসৰি “NCB য়ে জেৰা কৰাৰ সময়ত ৰিয়াক নিজক দোষী সাব্যস্ত কৰা” ভাষ্য দিবলৈ হেঁচা প্ৰয়োগ কৰিছিল ।” ৰিয়াই দাবী কৰে যে তেওঁ কোনো অপৰাধ কৰা নাই ৷

আনহাতে ৰিয়াক Narcotics Drugs and Psychotropic Substances আইনৰ ২৭(A), ২১, ২২, ২৯, ২৮ৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।গ্ৰেপ্তাৰৰ পাছত ৰিয়াক ক’ভিড-১৯ পৰীক্ষা কৰা হয় যদিও নিগেটিভ আহে।

ইপিনে ৰিয়াৰ গ্ৰেপ্তাৰৰ সন্দৰ্ভত NCBৰ অতিৰিক্ত নিৰ্দেশক আশোক জৈনে কয় “ৰিয়াক গ্ৰেপ্তাৰ কৰিবলৈ আমাৰ ওচৰত যাৱতীয় প্ৰমাণ আছিল ৷ অৱশ্যে ৰিয়াৰ লগত কোনো মাদক দ্ৰব্য পোৱা নাই।”

মংগলবাৰে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছত আজি পুৱা মুম্বাইৰ Byculla Jailলৈ নিয়ে ৷  ৰিয়াক ১৪দিনৰ কাৰণে জেললৈ প্ৰেৰণ কৰা হৈছে ।

উল্লেখযোগ্য যে Byculla Jail মুম্বাইৰ একমাত্ৰ মহিলা জেইল। এই জেলখনত শ্বীনা বৰা হত্যাকাণ্ডৰ অভিযুক্ত ইন্দ্ৰানী মুখাৰ্জীৰ লগতে বহু হাইপ্ৰফাইল মহিলা অভিযুক্ত আছে ।

Exit mobile version