মই কেতিয়াও সুশান্তৰ মৃত্যুক হত্যা বুলি কোৱা নাই : অংকিতা লোখণ্ডে

Ankita Lokhande BollyCurry

বৃহস্পতিবাৰে সুশান্ত সিং ৰাজপুতৰ প্ৰাক্তন প্ৰেমিকা অংকিতা লোখণ্ডে কয় যে, তাই কোনোদিন সুশান্তক হত্যা কৰা হৈছে বুলি কোৱা নাই, কিন্তু প্ৰয়াত বন্ধু আৰু সুশান্তৰ পৰিয়ালৰ বাবে নিশ্চিতভাৱে ন্যায় বিচাৰিছে । উল্লেখ্য যে, বান্দ্ৰাস্থিত বাসগৃহত জুনমাহত ৩৪ বছৰীয়া অভিনেতাগৰাকীৰ মৃতদেহ পোৱা গৈছিল । মৃত্যুৰ পাছতে মিডিয়াত সৃষ্টি হয় বিভিন্ন বিবাদৰ ।

ADVERTISEMENT

আনহাতে, জি টিভিৰ জনপ্ৰিয় এখন ধাৰাবাহিক ‘পবিত্ৰ ৰিচতা’ৰ ছেটত সুশান্ত ৰাজপুতক লগ পোৱা আৰু ২০১৬ লৈকে সুশান্তৰ স’তে সম্পৰ্কত থকা অংকিতা লোখণ্ডে এনচিবিয়ে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰাৰ পাছতে টুইটাৰত ন্যায়ৰ সন্দৰ্ভত এটা পোষ্ট শ্বেয়াৰ কৰে ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত জড়িত ড্ৰাগছৰ সন্দৰ্ভত এনচিবি য়ে মঙলবাৰে ৰিয়া চক্ৰৱৰ্তীক গ্ৰেপ্তাৰ কৰে। ৰিয়াক গ্ৰেপ্তাৰ কৰাৰ পাছতে অংকিতাই টুইটাৰত লিখে যে, “ভাগ্যৰ বলত একো নহয় । আপুনি আপোনাৰ কাৰ্যৰ জৰিয়তে ভাগ্য নিৰ্ণয় কৰক। এয়াই কৰ্ম ।”

সামাজিক মাধ্যমত এক বিবৃতি শ্বেয়াৰ কৰাৰ লগতে অংকিতাই সুশান্তৰ পৰিয়ালক সমৰ্থন কৰাৰ কিছুমান কাৰণ প্ৰকাশ কৰে,  “মিডিয়াৰ জৰিয়তে মোক বিভিন্ন সময়ত বাৰে বাৰে প্ৰশ্ন কৰি থকা হৈছে যে, সুশান্তৰ মৃত্যু হত্যা নে আত্মহত্যা? সেয়ে মই পুনৰ স্পষ্ট কৰিছো যে, মই কোনোদিন এয়া এক হত্যা বা ইয়াৰ লগত কোনোবা বিশেষ ব্যক্তি দায়ী বুলি কোৱা নাই।”

লগতে অংকিতাই লিখে যে, “মই সদায় মোৰ প্ৰয়াত বন্ধু সুশান্তৰ ন্যায়ৰ বাবে শোক সন্তপ্ত পৰিয়ালটিৰ লগত থিয় দিছো আৰু তদন্তকাৰী সংস্থাৰ দ্বাৰা সত্যৰ বিচাৰ হোৱাটো বিচাৰো ।”

অভিনেত্ৰীগৰাকীয়ে নিজকে মহাৰাষ্ট্ৰ আৰু ভাৰতীয় নাগৰিক হিচাপে কৈ কয় যে, “ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে।”

সুশান্তৰ মানসিক স্বাস্থ্যৰ সন্দৰ্ভত কয় যে, “ৰিয়াই এফালে সুশান্তক মানসিক স্বাস্থ্যৰ অৱনতিৰ বাবে চিকিৎসকৰ ওচৰত চিকিৎসাও কৰাইছিল আৰু আনফালে ড্ৰাগছৰো যোগান ধৰিছিল ।”

“এনে কোনো ব্যক্তি আছেনে, যিয়ে কাৰোবাক ইমান গভীৰভাৱে ভালপোৱাৰ দাবী কৰাৰ পাছত আৰু মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে জানিও ড্ৰাগছৰ সেৱন কৰিবলৈ অনুমতি দিয়ে । এই অসতৰ্কতা আৰু দায়িত্বহীন কার্যক আপুনি কেনেদৰে প্ৰত্যক্ষ কৰিব?” সুশান্তৰ মানসিক স্বাস্থ্যৰ অৱনতি ঘটাৰ বিষয়ে আৰু ড্ৰাগছ সেৱনৰ বিষয়ে কিয় সুশান্তৰ পৰিয়ালক জনোৱা নহ’ল বুলিও প্ৰশ্ন কৰে অংকিতাই।

Exit mobile version