অৱশেষত সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত মুখ খুলিলে অনুৰাগ কাশ্যপে

Untitled design 81 1

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ সন্দৰ্ভত চিবিআইয়ে তদন্ত চলি থকাৰ সময়তে বহু নতুন নতুন তথ্য উদঘাটন হৈছে। ইয়াৰ পাছতে সুশান্তৰ প্ৰেমিকা ৰিয়া চক্ৰৱৰ্তীক এন চি বি য়ে গ্ৰেপ্তাৰ কৰাৰ পাছত ছ’চিয়েল মিডিয়াত বলিউদৰ বহু অভিনেত্ৰীয়ে মত আগবঢ়াইছিল । লগতে নেপ’টিজমৰ সন্দৰ্ভত বহু বিতৰ্কৰ সৃষ্টি হৈছিল ।

ADVERTISEMENT

অৱশেষত বলিউদৰ পৰিচালক অনুৰাগ কাশ্যপেও সুশান্তৰ মৃত্যুৰ সন্দৰ্ভত ইমান দিন চুপ থকাৰ পিছত মুখ খুলিবলৈ বাধ্য হয় । পৰিচালক জনে টুইটাৰত সুশান্তৰ স’তে কাম নকৰাৰ বিষয়ে স্বীকাৰ কৰে। নিজৰ এই সিদ্ধান্তৰ কথা খোলাকৈ প্ৰকাশ কৰি কয় যে, যিসকলে সুশান্তৰ মৃত্যুত বলিউদৰ ভূমিকাক লৈ প্ৰশ্ন কৰিছিল সেইসকলৰ বাবে ২২মে’ৰ পৰা ১৪ জুনলৈ প্ৰয়াত সুশান্তৰ লগত হোৱাটচেপৰ কথোপকথনৰ স্ক্ৰীনশ্বট আগবঢ়াইছো ।

কথোপকথনটিত বহুবাৰ মুকেশ নামৰ লোকজনৰ কথা কোৱা হৈছে। অনুৰাগএ এই পোষ্টটিৰ শ্বেয়াৰ কৰাৰ পাছত ক্ষোভিত হৈ পৰিছে একাংশ। বলিউদে যে দীৰ্ঘদিন ধৰি সুশান্তক বয়কট কৰিছিল তাৰেই এটা প্ৰমাণ বুলি মন্তব্য কৰে এজনে।

লগতে অনুৰাগ কাশ্যপে লিখে যে, “এই খিনি কৰিবলগীয়া হোৱাৰ বাবে মই দুঃখিত, কিন্তু এই কথোপকথন সুশান্তৰ মৃত্যুৰ তিনি সপ্তাহৰ আগৰ। ২২ মে’ত সুশান্তৰ মেনেজাৰৰ লগতো কথা হৈছিল। হয় মই ব্যক্তিগত কাৰণত সুশান্তৰ লগত কাম কৰিব বিচৰা নাছিলো।”

আনহাতে, অনুৰাগে ১৪ জুনত সুশান্তৰ মেনেজাৰৰ লগত হোৱা কথাবাৰ্তাৰ এক স্ক্ৰিনশ্বট শ্বেয়াৰ কৰিছে, যিদিনা সুশান্তক বান্দ্ৰাস্থিত বাসগৃহত মৃত অৱস্থাত পোৱা গৈছিল।

Exit mobile version