এনআৰচি পেলনীয়া কাগজ

Logo of NRC Assam

ৰাজ্য চৰকাৰৰ অনীহাৰ বাবেই সম্পূৰ্ণৰূপে স্থৱিৰ হৈ পৰিছে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বাকী থকা সকলাে কাম-কাজ। ফলত সুদীর্ঘ এবছৰে এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯ লাখআবেদনকাৰীলৈ নাম বাদ পৰাৰ কাৰণ দৰ্শাইজাননী জাৰি কৰিব পৰা নাই এন আৰ চি সঞ্চালকালয়ে । এই প্রক্রিয়া আৰম্ভ কৰিবলৈগৈয়ে দিছপুৰৰ ধমকত থমকি ৰ’বলগীয়া হৈছে এন আৰ চি সঞ্চালকালয়।

সঞ্চালকালয়ৰ সূত্রই  এই কথা সদৰী কৰি জনােৱা মতে, দীঘলীয়া প্রতীক্ষাৰ অৱসান ঘটাই ২০১৯ৰ ৩১আগষ্টত চূড়ান্ত এন আৰ চি প্রকাশ কৰা হয় । ২০১৫ৰ ৩১ আগষ্টৰ ভিতৰত ৰাজ্যৰ ৩, ৩০, ২৭, ৬৬১ জন লােকে এন আৰ চিত নাম অন্তর্ভুক্তিৰ বাবে নির্দিষ্ট প্রক্রিয়াৰে আবেদন কৰে । ইয়াৰ ভিত্তিতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ৩,১১,২১,০০৪ জন আবেদনকাৰীৰ নাম অন্তর্ভুক্ত হােৱাৰ বিপৰীতে পুনৰীক্ষণৰ অন্তত ১,০২,৪৬২ জনৰ নাম কর্তন কৰা হয়।

মুঠ আবেদনকাৰীৰ ভিতৰত ১৯,০৬,৬৫৭ জন আবেদনকাৰীৰ নাম প্রয়ােজনীয় নথিৰ অভাৱৰ বাবে চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰে। সংশ্লিষ্টসকলক ভাৰতীয় হিচাপে প্রতিপন্ন কৰাৰ সুযােগ প্রদানৰ উদ্দেশ্যে উচ্চতম ন্যায়ালয়ে ৰাজ্যত অতিৰিক্ত বিদেশী ন্যায়াধিকৰণ স্থাপনৰ নির্দেশ দিয়ে।

ইয়াৰ ভিত্তিতে কেন্দ্রীয় অর্থ সাহায্যত ৰাজ্যত অতিৰিক্ত দুশখন বিদেশী ন্যায়াধিকৰণৰ স্থাপনৰ উদ্দেশ্যে বাছনিকৃত দুশজন ন্যায়াধীশকো পূর্বৰএশ বিদেশী ন্যায়াধিকৰণতে সংলগ্ন কৰে ৰাজ্য চৰকাৰে । কিন্তু চূড়ান্ত এন আৰ চিৰ পৰা বাদ পৰা লােকসকলক কাৰণ দর্শাই জাৰি কৰিবলগীয়া জাননীসমূহ এন আৰ চি সঞ্চালকালয়ে জাৰি নকৰাৰ পৰিপ্ৰেক্ষিতত সংশ্লিষ্টসকলে ন্যায় বিচাৰি দ্বাৰস্থ হ’ব পৰা নাই বিদেশী ন্যায়াধিকৰণত।

এনেবােৰ দিশ চালি-জাৰি চায়েই যােৱা দুই জুলাইত এন আৰ চি সমন্বয়ৰক্ষী সমিতিৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্তৰ আধাৰত পহিলা ছেপ্টেম্বৰৰ পৰা এন আৰ চিত নাম অন্তর্ভুক্ত নােহােৱা আবেদনকাৰী সকলৰ ক্ষেত্ৰত ডিচপ’জিং অফিচাৰ সকলে লিপিবদ্ধ কৰা টোকাসমূহৰ মান পৰীক্ষা আৰম্ভ কৰাৰ পৰিকল্পনা গ্রহণ কৰে।

ইয়াৰ ভিত্তিতে যােৱা ২১ আগষ্টত এন আৰ চিৰ ৰাজ্যিক সমন্বয়ক হিতেশ দেৱ শৰ্মাই এছ পি এম ইউ/এন আৰ চি/চি আৰ চি আৰ কিউ চি এন আৰ/৫৫৫/২০১৮/৫৩-ক নম্বৰযােগে এই সম্পর্কত প্রয়ােজনীয় নির্দেশনাও জাৰি কৰে ।

কিন্তু দিছপুৰৰ ধমকত এন আৰু চি সঞ্চালকালয়ে নির্দেশনা জাৰি কৰিও কাম আৰম্ভ কৰিবলৈ গৈ থমকি ৰ’বলগীয়া হােৱা বুলি সূত্ৰটোৱে জনায়। ফলত নির্ধাৰিত সময় উকলি যােৱাৰ পাছতাে এন আৰ চি সঞ্চালকালয়ে এই সম্পর্কীয় কাম-কাজ আৰম্ভ কৰিব পৰা নাই বুলি সূত্ৰ টোৱে জনায়।

কি কৰিব বিচাৰিছিল এন আৰ চি সঞ্চালকালয়ে?

প্রচলিত বিধি অনুসৰি চূড়ান্ত এন আৰ চিৰ পৰা নাম বাদ পৰা আবেদনকাৰীক এন আৰ চি সঞ্চালকালয়ে নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাননী কৰিব লাগে । অন্যথা সংশ্লিষ্টসকলে ন্যায় বিচাৰি বিদেশী ন্যায়াধিকৰণৰ দ্বাৰস্থ হ’ব নােৱাৰিব ।

ইয়াৰ আধাৰতে এন আৰ চি সঞ্চালকালয়ে চূড়ান্ত এন আৰ চিৰ পৰা নাম বাদ পৰা ১৯, ০৬, ৬৫৭ জন লােকৰ আবেদনৰ নথিসমূহ পৰীক্ষা কৰে । উক্ত নথি পৰীক্ষাৰ সময়তে ডিচপ’জিং অফিচাৰে শুনানিৰ সময়ত লিপিবদ্ধ কৰা টোকাসমূহক লৈ বিধিগত ব্যৱস্থা গ্ৰহণ নকৰাৰ তথ্য পােহৰলৈ আহে ।

সেয়েহে সংশ্লিষ্ট লােকসকললৈ নাম বাদ পৰাৰ কাৰণ দৰ্শাই জাননী জাৰি কৰাৰ পূর্বে ডিচপ’জিং অফিচাৰসকলৰ টোকাৰ মান নিৰূপণ কৰিবলৈ গৈ এন আৰ চি সঞ্চালকালয়ে থমকি  ৰ’বলগীয়া হৈছে বুলি সূত্ৰটোৱে জনায়।

ডিচপ’জিং অফিচাৰৰ টোকাক উলাই কৰিও অন্তর্ভুক্ত হ’ল একাংশৰ নাম

চূড়ান্ত এন আৰ চি প্রকাশৰ পূর্বে অনুষ্ঠিত শুনানিৰ সময়ত ডিচপ’জিং অফিচাৰসকলে লিপিবদ্ধ কৰা টোকাসমূহ বিনষ্ট কৰি চূড়ান্ত এন আৰ চিত যাৰ নাম যেনেকৈ আছে সেই ধৰণে নাম অন্তর্ভুক্ত কৰাৰ বাবে এন আৰ চিৰ তদানীন্তন ৰাজ্যিক সমন্বয়ক প্রতীক হাজেলাই ২০১৯ৰ ১৮ ছেপ্টেম্বৰত এছ পি এম ইউ/এন আৰ চি/ডিষ্ট্রিক্ট কো-অর্ডিনেটৰ ইকুইপমেন্ট/৬৮/২০১৫/পার্ট-৭/৩৭০-ক নম্বৰযােগে প্রতিখন জিলাৰ উপায়ুক্তলৈ এক নির্দেশনা প্ৰেৰণ কৰে।

ফলত ভালেসংখ্যক আবেদনকাৰীৰ নাম ডিচপ’জিং অফিচাৰৰ টোকাক উলাই কৰি চূড়ান্ত এন আৰ চিত অন্তর্ভুক্ত হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত এন আৰ চি সঞ্চালকালয়ে সংশ্লিষ্ট টোকাসমূহৰ মান পৰীক্ষা কৰাৰ সিদ্ধান্ত লৈয়াে মূৰকত থমকি ৰ’বলগীয়া হৈছে বুলিও সূত্ৰটোৱে জনায়।

কিয় সঁহাৰি নিদিলে দিছপুৰে?

নির্দিষ্ট প্রক্রিয়াৰে কাৰণ দর্শোৱাৰ জাননী জাৰি কৰা মাত্রেই সংশ্লিষ্ট আবেদনকাৰীসকলে দ্বাৰস্ত হ’ব বিদেশী ন্যায়াধিকৰণত । কিন্তু এই পর্যন্ত ৰাজ্যৰ প্ৰস্তাৱিত দুশখন বিদেশী ন্যায়াধিকৰণৰ আন্তঃগাঁথনি সম্পূর্ণ কৰিব পৰা নাই চৰকাৰে । কেৱল সেয়াই নহয় উচ্চতম ন্যায়ালয়ৰ নির্দেশৰ ভিত্তিত গুৱাহাটী উচ্চ ন্যায়ালয়ে বাছনি কৰা দুশজন ন্যায়াধীশক আজি পর্যন্ত সুনির্দিষ্ট স্থানত সংস্থাপিত কৰিব পৰা নাই।

লগতে সংশ্লিষ্ট বিদেশী ন্যায়াধিকৰণৰ অন্যান্য পদৰ বাবে অসম আৰক্ষী নিযুক্তি ব’র্ডে বাছনি কৰা ১৬শ জন প্রার্থীৰ নিযুক্তি প্রক্রিয়াও সম্পন্ন কৰাটো দূৰৈৰে কথা এই সমগ্ৰ বিষয়ত স্থিতি স্পষ্টই কৰিব পৰা নাই ৰাজ্যচৰকাৰে । ইয়াৰ পৰিপ্ৰেক্ষিতত কৰ’নাৰ অজুহাত দেখুৱাই এন আৰ চিৰ বাকী থকা কাম-কাজ আৰম্ভ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ গৃহ বিভাগে এন আৰ চি সঞ্চালকালয়ক অনুমতি নিদিয়া বুলি সূত্ৰটোৱে জনায় । ফলস্বৰূপে বহুচর্চিত এন আৰ চি সম্প্রতি এখন পেলনীয়া কাগজতহে পৰিণত হৈছে বুলি চৰ্চা চলিছে।

Exit mobile version