ধনশিৰি নদীত হাত-মুখ বন্ধা অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰঃ পৰিকল্পিত হত্যাৰ সন্দেহ

suicide representation

গোলাঘাটৰ সমীপৱৰ্তী মইনাপাৰা পাৰঘাটৰ সমীপৰ ধনশিৰি নদীত আজি অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰে । পুৱা স্থানীয় ৰাইজে হাত-মুখ বান্ধি থোৱা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে উদ্ধাৰ কৰে মৃতদেহটো ।

ৰঙা ৰঙৰ টি চাৰ্ট আৰু নীলা ৰঙৰ পেন্ট পৰিহিত যুৱকজন হাত-মুখ বন্ধা অৱস্থাত উদ্ধাৰ কৰা হয়। মৃতদেহটো বৰ্তমানলৈকে চিনাক্ত কৰিব পৰা হোৱা । যুৱকজনক পৰিকল্পিতভাৱে হত্যা কৰি দুৰ্বৃত্তই নদীত পেলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । বৰ্তমান তদন্ত অব্যাহত ৰাখিছে যদিও নিশ্চিত তথ্য উদঘাটন কৰিব পৰা নাই আৰক্ষীয়ে ।

Exit mobile version