অসমত বাংলা ভাষা প্ৰচলনৰ বাবে উঠি-পৰি লাগিছে চৰকাৰ’:আছু

download 3

কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী আইনৰ আওতাৰ ৰাজ্যত অবৈধ নাগৰিকক সংস্থাপনৰ যো-যা চলোৱাৰ লগতে অধিনিয়ম প্ৰস্তুত নৌ হওতেই অসমৰ ৰাজ্য চৰকাৰৰখন উঠিপৰি লাগিছে বিদ্যালয়ত বঙালী ভাষা প্ৰচলন কৰাত। বাংলা ভাষাক বৰপীৰা পাৰি দি অসমীয়া জনজীৱনলৈ ভাবুকি কঢ়িয়াইছে চৰকাৰখনে৷

আজি কলিয়াবৰত এই অভিযোগেৰে প্ৰতিবাদমুখৰ হৈ পৰিল কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থা৷ ৰাজ্যৰ অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহলৈ বঙালী ভাষাৰ সহায়ক পুথি প্ৰেৰণ কৰাক লৈ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ সংগঠনটোৱে। নৱম আৰু দশম শ্ৰেণীৰ অন্যান্য পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে ৰাজ্যৰ সমাজ কল্যাণ বিভাগে আগবঢ়াইছে একোটাকৈ টেবলেট-কিট সহ একোখনকৈ ব্যৱহাৰিক জ্ঞানৰ পুথি।

কিন্তু এই ব্যৱহাৰীক পুথিত অসমীয়া ভাষাৰ লগতে বঙালী ভাষাৰ পুথিও যোগান ধৰা হৈছে কলিয়াবৰ সমাজ কল্যাণ বিভাগলৈ। কিন্তু এই পুথি বিতৰণৰ মাজতে বিভাগটোৱে অসমীয়া মাধ্যমত পঢ়া ছাত্ৰ ছাত্ৰীৰ মাজতো বিতৰণ কৰিছে বঙালী ভাষাৰ সহায়ক পুথি। এই লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাই।

ইপিনে কোনো ধৰণৰ তথ্য নোহোৱাকৈ কি দৰে সমাজ কল্যাণ বিভাগডব্লিউ, পি, টি এণ্ড বি, চি শাখাই যোগানকাৰী সামগ্ৰী যোগানৰ বাবে অনুমতি প্ৰদান কৰিলে সি এক ৰহস্যৰ বিষয়। উল্লেখযোগ্য যে কলিয়াবৰত এখনো বঙালী মাধ্যমৰ বিদ্যালয় নাই যদি কি উদ্দেশ্যত কাৰ স্বাৰ্থত বঙালী ভাষাৰ এই সহায়ক পুথি অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে আগবঢ়াবলৈ দিয়া হৈছে তাৰ এক সঠিক উত্তৰ বিচাৰিছে কলিয়াবৰ আছুৱে।

Exit mobile version