এখন গাঁৱত উপস্থিত হ’বলৈ ১১ ঘন্টা খোজ কাঢ়িলে অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে

Khandu 3

অৰুনাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুয়ে অলপতে খোজ কাঢ়িব লগা হ’ল এক দুই কিলোমিটাৰ নহয়, তেওঁ খোজ কাঢ়িলে ২৪ কিলোমিটাৰ পাহাৰীয়া পথ অৰ্থাৎ ১১ ঘন্টা। ৪৭ বছৰীয়া মুখ্যমন্ত্ৰী খাণ্ডুৱে টাৱাঙৰ পৰা ৯৭ কিলোমিটাৰ খোজকাঢ়ি উপস্থিত হয় লুগুথাং নামৰ গাঁৱত। এই সন্দৰ্ভত তেওঁ টুইট কৰি সবিশেষ জনায় ৷

আনহাতে লুগুথাং গাঁৱ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ১৪৫০০ ফুট উচ্চতাত অৱস্থিত৷ টাৱাঙৰ লুগুথাং নামৰ এই গাঁওখনত আছে মাত্ৰ দহটা ঘৰ । সদস্য আছে ৫০ জন লোক ৷ সেই দহঘৰ বৌদ্ধ ধৰ্মীয় লোকে নিৰ্মাণ কৰিছে এটা বৌদ্ধ স্তুপ। পেমাখান্দুৰ প্ৰয়াত পিতৃ দৰ্জী খান্দুৰ স্মৃতিত নিৰ্মান কৰিছে জাংচুব স্তুপটো ।

সেইটো উদ্ধোধন কৰাৰ লগতে নিজৰ সমষ্টিৰ লুগুথাং গাঁৱৰ লোকসকলে চৰকাৰী সা সুবিধা ঠিকমতে পাইছে নে নাই তাৰ চৰজমিন তদন্ত কৰিব কাৰণে গাঁৱখনত উপস্থিত হয় মুখ্যমন্ত্ৰী পেমা খাণ্ডু ৷লগতে গাঁৱখনৰ পৰা অহা আগতে দুটা নিশা গাঁৱখনত কটায় মুখ্যমন্ত্ৰী খাণ্ডুয়ে।

Exit mobile version