কৰ’নাৰ শৃংগমুখী দ্ৰুতগতি:অসমত ভয়াৱহ ৰূপ

21

5466NO-HEALTH-CORONAVIRUS_O_

যোৱা সাতদিনত অসমত ১৭ হেজাৰতকৈয়ো অধিক লোক ক’ভিড ১৯ ত আক্ৰান্ত হৈছে। এই দিনকেইটাৰ প্ৰতিটো দিনতে গড়ে সাত শতাংশতকৈ অধিক লোক আক্ৰান্ত হয়। আনহাতে এই ৰোগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আক্ৰান্ত হৈ মৃত্যু হয় শতাধিক লোকৰ। অথচ ৰাজ্যত মাত্ৰ দুসপ্তাহ আগলৈ এই পৰিবেশ নাছিল ।দৈনিক আক্ৰান্তৰ হাৰ সীমাবদ্ধ আছিল পাঁচ শতাংশৰ ভিতৰত ৷ মৃত্যুৰ সংখ্যাও তুলনামূলকভাৱে কম আছিল ।

তাৰ বিপৰীতে যোৱা দুদিনত ডেৰ ঘন্টাৰ ব্যৱধানত এজনকৈ লোকৰ মৃত্যুৰ হৈছে। দৈনিক অভাৱনীয়ভাৱে বৃদ্ধি অব্যাহত থকাৰ ফলত অসমত মাত্ৰ এসপ্তাহৰ ভিতৰতে মুঠ আক্ৰান্তৰ সংখ্যাই ডেৰ লাখৰ সীমা অতিক্ৰম কৰাটো নিশ্চিত বুলি স্বাস্থ্য বিভাগৰ পৰ্যালোচনা বৈঠকত উল্লেখ কৰা হৈছে। এনে পৰিস্থিতিৰ ফলত ৰাজ্যত সৃষ্টি হৈছে সংকটজনক ৰোগীৰ চিকিৎসা। আই চি ইউ ভেন্টিলেটৰৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস হৈছে ৷

চাহিদা অনুসৰি অক্সিজেনৰ যোগানত সীমাবদ্ধতা আহিছে ।তাৰ বিপৰীতে সংকটজনক ৰোগীৰ সংখ্যা বাঢ়িছে ৷তেনে ৰোগেৰ ভিতৰত কেৱল বয়সস্থ অথবা অন্য ৰোগত লোকেই নাই,কম বয়সীয়া আৰু শৰীৰত অন্য ৰোগ নথকা যুৱক যুৱতীও আছে। বৰ্তমানৰ এই উদ্বেগজনক পৰিস্থিতি বাহাল থাকিলে অহা অক্টোবৰত আই চি ইউৰো নাটনিয়ে অভাৱনীয় সংকটৰ সৃষ্টি কৰিব বুলি স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰে ।

অসমে এনে এক ভয়াৱহ সংকটৰ সন্মুখীন হ’ব লাগিব বুলি স্বাস্থ্য বিভাগেই কল্পনা কৰা নাছিল। কিন্তু ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত সম্প্ৰতি এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হৈছে যে নিজৰ ৰোগীজনক ভৰ্তি কৰি জীৱন দিবলৈ বহু অভিভাৱকে এতিয়া আই চি ইউৰ বিছনা খালী হ’ব। গুৱাহাটীৰ কে’বাখনো ব্যক্তিগত চিকিৎসালয়ত এনে কাৰণত ৰোগীৰ আগতীয়া বুকিং পৰ্যন্ত কৰিবলৈ একাংশ অভিভাৱকে চিকিৎসক অথবা হাস্পতাল কৰ্তৃপক্ষক হেঁচা দিছে ৷

এই ভয়াৱহ সংকটৰ বাবে দায়ী কোন ।অসমৰ এই পৰিস্থিতিয়ে কেতিয়ালৈ পাব শীৰ্ষবিন্দু? এনেবোৰ প্ৰশ্নৰ চৰ্চা সম্প্ৰতি চলিছে ।এই সম্পৰ্কত ৰাজ্যৰ স্বাস্থ্য সেৱা সঞ্চালক ডা° ৰথীন ভূঞাই কয় যে শীৰ্ষ বিন্দু এতিয়াও পোৱা নাই। কেতিয়ালৈ শীৰ্ষবিন্দু পাব সেয়াও এতিয়ালৈ শীৰ্ষবিন্দু পাব সেয়াও এতিয়ালৈ ক’ব নোৱাৰিব। কাৰণ আক্ৰান্তৰ সংখ্যাৰ গ্ৰাসৰ উৰ্ধ্বমুখী গতি অব্যাহত আছে। অসম চিকিৎসা সেৱাৰ সন্থাৰ সাধাৰণ সম্পাদক ডা° কনক চন্দ তালুকদাৰেও একে মত ব্যক্ত কৰে। এনে ক্ষেত্ৰত আগন্তুক দিনৰ পৰিস্থিতিক লৈ সকলোৱে ব্যক্ত কৰে গভীৰ উদ্বিগ্নতা।

আক্ৰান্ত আৰু সংকটজনক ৰোগীৰ সংখ্যা বৃদ্ধিৰ সংখ্যা বৃদ্ধিৰ সন্দৰ্ভত সঞ্চালক ডা° ভূঞাই কয়” বিশ্বৰ সকলো প্ৰান্তৰ দৰে ভাৰত বা অসমতো তলাবন্ধ যথেষ্ট শিথিল কৰা হৈছে৷কিন্তু এই শিথিলকৰণত একাংশ লোকে ধৰি লৈছে যে তলাবন্ধৰ লগতে কৰ’নাও শেষ হৈ গৈছে ।

গতিকে বহু মানুহে মাস্ক পৰিধান সামাজিক দূৰত্ব ৰক্ষা কৰি চলিবলৈ এৰি দিছে। ইয়াৰ ফলত সামাজিক সংক্ৰমণৰ সংখ্যা বাঢ়িছে ৷আৰু তেনে ৰোগীৰ মৃত্যুৰ সংখ্যাও অধিক হৈছে ।আনহাতে,ক’ভিড চিকিৎসাত প্ৰত্যক্ষভাৱে জড়িত থকা তথা অসম চিকিৎসা সেৱা সন্থাৰ সাধাৰণ সম্পাদক ডা° তালুকদাৰে কয় যে প্ৰতিষেধক কেতিয়া আহিব তাৰ নিশ্চয়তা নাই। গতিকে ৰাইজ সৰ্তক নহ’লে আগন্তুক দিনৰ পৰিস্থিতি অতি বেছি ভয়াৱহ হ’ব ৷

বহুলোকে কৰ’না স্বাস্থ্যবিধি পালন কৰিবলৈ এৰি দিয়াটো অতি উদ্বেগজনক বুলি মন্তব্য কৰি ডা° তালুকদাৰে সমাজক সজাগ কৰাৰ ক্ষেত্ৰত নেতৃত্ব দিয়া লোকসকলে এই পৰ্যন্ত সন্তোষজনক ভূমিকা ল’ব পৰা নাই বুলি কয় ।”ডা° তালুকদাৰে উল্লেখ কৰে যে নমুনা পৰীক্ষাত নিগেটিভ অহা একাংশয়ো ৰোগ বিয়পাইছে ।কাৰণ নিগেটিভ অহাৰ পাছত বহুতে নিজকে ক’ভিডৰ পৰা ৰক্ষা পোৱা বুলি ধৰি লয়। চিকিৎসকজনে উদ্বেগেৰে কয় যে ক্ৰমে চিকিৎসকৰ অভাৱ বাঢ়িছে,চিকিৎসা বিছনা দ্ৰুতগতিত হ্ৰাস পাইছে ৷এই পৰিস্থিতিৰ বিপৰীতে মানুহৰ মাজত সচেতনতা কমিছে ৷

প্ৰসংগক্ৰমে স্বাস্থ্য বিভাগৰ সূত্ৰই সদৰী কৰে যে সংকটজনক তথা আই চি ইউত চিকিৎসাৰ প্ৰয়োজন হোৱা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাত বিভাগে নতুন আই চি ইউত স্থাপনত আগবাঢ়িছে ৷চলিত মাহৰ ভিতৰত কমেও ২০ টা আই চি ইউ স্থাপন কৰা হ’ব ৷ তাৰ সমান্তৰালকৈ কৰ্মচাৰীৰ সংখ্যাও বাঢ়িব ৷সেই বুলি কৰ’নাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধিয়ে তেনে অভাৱ দূৰ কৰিব পাৰিব বুলি নিশ্চিত হ’ব নোৱাৰিব ।

Exit mobile version