চিৰাঙৰ ১২৭ নং চি ৰাষ্ট্ৰীয় ঘাই পথৰ শোচনীয় অৱস্থা:পথৰ মাজত গৰুভাষাত বিল সদৃশ গাঁত

3bad897d a0ef 42cc 9b5e ed1b0d833688

চিৰাং জিলাৰ ভাৰত -ভূটান সংযোগী৷ ৩১নং চি ৰাষ্ট্ৰীয় ঘাইপথৰ স‍্যামথাইবাৰীৰ পৰা ভূটানৰ গেলেফু সংযোগী ১২৭(চি) ৰাষ্ট্ৰীয় ঘাই পথচোৱা প্ৰায় তিনিবছৰৰ পৰা অতিকে শোচনীয় অৱস্থাত আছে । পথৰ মাজত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । যেন একো একোটা বিশেষ বিল হে৷ চৰকাৰে পথটোৰ মেৰামতিৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাই ।ইফালে পথটোৰে ৰোগীলৈ অহা-যোৱাত অসুবিধা ৷

গৰুভাষা আৰক্ষী চকিৰ সন্মুখেৰে যোৱা পথচোৱাৰ গৰুভাষা বজাৰৰ মাজৰ অংশত প্ৰকাণ্ড প্ৰকাণ্ড গাঁত । একাঠু পানী তাৰ মাজেৰেই যাতায়াত কৰে যাত্ৰীবাহী গাড়ী তথা সামগ্ৰী কঢ়িওৱা গাড়ীসমূহে । কিন্ত চিৰাং জিলা প্ৰশাসন, বিটিচি প্ৰশাসন,অসম চৰকাৰ বা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে বিগত তিনি বছৰে কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাত বিপদত পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ। ৰাষ্ট্ৰীয় ঘাইপথে ঠায়ে ঠায়ে টোল গেট স্থাপন কৰি টকা সংগ্ৰহ কৰিছে ঠিকে কিন্ত ৰাষ্ট্ৰীয় ঘাই পথসমুহৰ মেৰামতি হে কৰা পৰিলক্ষিত হোৱা নাই।

আনহাতে বিটিচি নিৰ্বাচন সমাগত । চিদলী বিধান সভা সমষ্টিৰ বিধায়ক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দন ব্ৰহ্মও কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। কি কৰিব জনসাধাৰণে ? বাট পথৰ উন্নয়ণৰ স্বাৰ্থত ভোটদান কৰিব নে আন কিবা ?সেয়েহে নানান জল্পনা কল্পনাই ৰাজনৈতিক পটভুমিতো আউল লগাইছে । মুঠতে বিধ্বস্ত এই পথটোৰে যাতায়াত কৰা ভূক্ত ভোগী ৰাইজে পথ মেৰামতিৰ দাবীত কম দিনৰ ভিতৰতে যে আন্দোলন যে গঢ়ি তুলিব সেয়া নিশ্চিত হৈ পৰিছে ।

Exit mobile version