পাঁচ বিষয়ত সন্মতি প্ৰকাশ কৰিলেও সমস্যা সমাধানক লৈ স্পষ্টতা নাই

ভাৰত আৰু চীন বৈদেশিক মন্ত্ৰীদ্বয় ৰাছিয়াত বৈঠকত মিলিত হৈ কে’বাটাও দিশত একমত হ’লেও লাডাখ সীমান্তৰ উত্তেজনা প্লশমিতৰ বাবে কিমান দূৰ বাস্তৱ সিদ্ধান্তত উপনীত হ’ল সেয়া এতিয়াও স্পষ্ট নহয় ।মস্কোত চাংহাই কৰ্প’ৰেছনৰ অৰ্গেনাইজেছনৰ বৈঠকৰ বিৰতিত ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱাং ই আলোচনাত মিলিত হৈ বিতং আলোচনা কৰা বুলি দুই দেশৰ যুটীয়া বিবৃতিত কোৱা হৈছে।

এই আলোচনা অতি মুকলি আৰু গঠনমূলক আছিল বুলিও কোৱা হৈছে ।ভাৰত চীন সীমান্ত আৰু ভাৰত চীনৰ সম্পৰ্ক আছিল আলোচনাৰ মূল বিষয় ৷দুই দেশৰ বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰা যুটীয়া বিবৃতিত এইদৰে কোৱা হৈছে ।প্ৰথমবাৰৰ মধ্যাহ্ন ভোজন পৰ্বৰ বৈঠকত ৰুছ বিদেশ মন্ত্ৰী ছেগেই লাভৰভ উপস্থিত আছিল। সন্ধিয়া দ্বিতীয়খন বৈঠকত জয়শংকৰ আৰু ৱাঙে লাডাখক লৈ আলোচনা কৰে ৷

দুই মন্ত্ৰীয়ে কমেও পাঁচটা বিষয়ত ঐকমত্য পোষণ কৰে। ইয়াৰ ভিতৰত আছে ভাৰত চীন সম্পৰ্কত নেতৃত্বই উপনীত হোৱা এলানি চুক্তি বা ঐক্যমতৰ পৰা দিক নিৰ্দেশনা গ্ৰহণ ৷সীমান্ত ব্যৱস্থাপনা সংক্ৰান্ত্ৰিত পূৰ্বৰ চুক্তি বা প্ৰট’কল মানি চলা,সংঘাতৰ সম্ভাৱনা থকা পদক্ষেপ এৰাই চলাৰ দৰে বিষয়বোৰ আছে। দুই বিদেশ মন্ত্ৰীয়ে এই সিদ্ধান্তত সন্মত হয় যে সীমান্তৰ বৰ্তমানৰ পৰিস্থিতি দুয়োপক্ষৰ হিতৰ বাবে নহয় ।

দুই দেশৰ সীমান্ত বাহিনীয়ে আলোচনা অব্যাহত ৰাখিব লাগে,তাৎক্ষণিকভাৱে সেনা প্ৰত্যাহাৰ কৰিব লাগে আৰু প্ৰকৃত দূৰত্ব বৰ্তাই ৰখাৰ লগতে উত্তেজনা প্ৰশমিত কৰিব লাগে ৷দুই মন্ত্ৰীয়ে সন্মত হয় নে দুয়োপক্ষৰ বৰ্তমানৰ চুক্তি আৰু চীন ভাৰত সীমান্ত সন্দৰ্ভত থকা প্ৰট’কল মানি চলিব লাগে। সীমান্ত অঞ্চলত শান্তি আৰু স্থিৰতা বৰ্তাই ৰাখিব লাগে। ভাৰত চীন সীমান্ত সন্দৰ্ভত বিশেষ প্ৰতিনিধিৰ ব্যৱস্থাৱলীৰ জৰিয়তে দুয়োপক্ষই আলোচনা আৰু যোগাযোগ অব্যাহত ৰাখিবলৈ সন্মত হয় ।

বিগত ৪৫ বছৰৰ পাছত উত্তেজনা মূহুৰ্তত চীনে গুলিচালনা কৰি ভাৰতক প্ৰৰোচিত কৰিবলৈ চেষ্টা কৰিছে ।লাডাখৰ সীমান্তত চীনে বিভিন্ন প্ৰকাৰ স্থিতাৱস্থা সলনিৰ চেষ্টা অব্যাহত ৰাখিছে যদিও পূৰ্বৰে পৰা সষ্টম হৈ থকা ভাৰতীয় বাহিনীয়ে ইয়াক বিফল কৰিবলৈ সক্ষম হয়। এই পৰিস্থিতি দুই বৈদেশিক মন্ত্ৰীৰ আলোচনা আৰু সিদ্ধান্ত তথা ইয়াৰ বাস্তৱ ৰূপায়ণ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

Exit mobile version