বিতৰ্কই লগ নেৰিব কংগনা ৰানাউটক

Kangana Ranaut

সম্প্ৰতি বিভিন্ন বিতৰ্কৰ মাজত সোমাই পৰা কংগনা ৰানাউট চণ্ডিগড়ৰৰ পৰা মুম্বাইলৈ অহা অহা এয়াৰ ক্ৰাফ্টখনখনক লৈ পুনৰ বিবাদ আৰম্ভ হৈছে ।Directorate General Of Civil Aviation ৰ নিয়ম অনুসৰি এয়াৰক্ৰাফ্টৰ কোনেও ফ’টো ল’ব নোৱাৰে৷যদি কোনোৱে DGCA ৰ নিয়ম অমান্য কৰে তেন্তে শাস্তিৰ সন্মুখীন হ’ব ৷ আজি দিয়া এক বিবৃতি সঞ্চালক,যুটীয়া সঞ্চালকে প্ৰকাশ কৰা অনুসৰি কোনো লোকেও এখন বিমানৰ ফ’টো ল’ব নোৱাৰে ৷কিন্তু বিমানখনে অৱৰণ কৰাৰ পিছত ফ’টো লোৱাৰ সন্দৰ্ভত কোনো বাধ্য বাধ্যতা নাই ৷উল্লেখযোগ্য যে অভিনেত্ৰী কংগনা ৰানাউট মুম্বাইত উপস্থিত হওঁতে একাংশ লোকে ফ’টো উঠাবলৈ ঠেলা হেচাঁ কৰিছিল। তেতিয়া পৰা বিমানবন্দৰৰ নীতি নিয়ম উলংঘা কৰাক লৈ চৰ্চা হৈ আছে ।

উল্লেখযোগ্য যে অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত কংগনা ৰানাউট আৰু বলীউডৰ মাজত চলি থকা যুদ্ধ খনে এতিয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে ৷ কংগনাই বলীউডৰ বহু ৰথী৷মহাৰথীক স্বজনপ্ৰীতিক লৈ কটু ভাষাৰে সমালোচনা কৰে ৷ সম্প্ৰতি এই বিষয়টোত ৰাজনীতিৰ লগত জড়িত বহু ব্যক্তি ৰ নাম সাঙুৰ খাইছে ৷ তাৰ ফলশ্ৰুতিত আজি কংগনাৰ কাৰ্যালয়ত হাতুৰীৰ কোব পৰিল বুলি মন্তব্য কৰিছে একাংশ অনুৰাগীয়ে।

আনহাতে, কংগনাৰ সুৰক্ষাৰ কাৰণে মুম্বাই পুলিচৰ ফীল্ড মাৰ্শ্বেল,চিআইএছএফ আৰু মুম্বাই পুলিচৰ ২৪ জন তকৈ অধিক আৰক্ষী নিয়োগ কৰে ৷ কংগনা বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে আৰপিআইৰ কৰ্মকৰ্তাসকলে কংগনাৰ সমৰ্থনত বিমানবন্দৰত বিভিন্ন শ্ল’গান দিয়ে ৷

Exit mobile version