JEE মেইনত ১০০ শতাংশ নম্বৰ তনুজা চাক্কু

JEE Main 1

শেহতীয়াকৈ ঘোষণা হোৱা JEE মেইনত তেলেংগানাৰ তনুজা চাক্কুয়ে লাভ কৰিছে ১০০ শতাংশ নম্বৰ। তনুজা JEE মেইনত ১০০ শতাংশ লাভ কৰা একমাত্ৰ ছাত্ৰী৷ চৰকাৰী বিদ্যালয়ত কৰ্মৰত শিক্ষক শিক্ষয়ত্ৰীৰ কন্যা তনুজাই JEE পৰীক্ষাৰ সন্দৰ্ভত তেওঁৰ অনুভৱ কি সেয়া আলোচনা কৰে ৷

“যুৱতীয়ে JEE মেইন আৰু এডভান্স পৰীক্ষাত কেতিয়াও উত্তীৰ্ণ হ’ব নোৱাৰে। কিন্তু ছোৱালী শিক্ষা বহু বাধ্য বাধকতা আছে যি এটা যুৱকৰ ক্ষেত্ৰত নাই। গতিকে ১০০ শতাংশ লাভ কৰাকে যুৱতীসকলৰো লক্ষ্য বহু উচ্চ হ’ব লাগে ।” এই মন্তব্য তনুজাৰ ৷

লগতে তনুজাই কৰ”নাৰ কাৰণে এক দীঘলীয়া সময় ধৰি৷পঢ়িবলৈ সময় পোৱা বুলি মন্তব্য কৰে ৷তনুজাই কয়” দীঘলীয়া তলাবন্ধটো মোৰ কাৰণে ছুটীৰ দিনৰ দৰে হৈছে। সাধাৰণ দিনত মই ১২ ঘন্টা অধ্যয়ন কৰিছিলো যদিও কৰ’নাৰ মহামাৰীৰ সময়ত ৮-১০ ঘন্টালৈকে পঢ়িছিলো। কিন্তু প্ৰতিদিনেই মোৰ দৃষ্টি আছিল কেৱল পঢ়া ।”ইপিনে তলাবন্ধৰ সময়ত পাশ্চাত্য নৃত্যৰ প্ৰেকটিচ কৰাৰ কথাও উল্লেখ কৰে ।

আনহাতে কৰ’নাৰ কাৰণে দিয়া দীঘলীয়া তলাবন্ধৰ সময়ত অধিক সময়ত পঢ়িবলৈ পোৱা সন্দৰ্ভত কয় “তলাবন্ধৰ সময়ত একেৰাহে একে বিষয়কে পঢ়ি থকাটো সহজ নহয় ।সেই কাৰণে মই আগৰ প্ৰশ্ন কাকতসমূহ পুনৰাই অভ্যাস কৰিছিলো।কাৰণ এই পেপাৰসমূহৰ পৰা মই বহু আভাস পাইছিলো ”

ম’ক টেষ্টৰ সন্দৰ্ভত তনুজাই কয় যে ম’ক টেষ্ট বহুত কঠিন ৷ ইয়াত ভুল কৰি কৰি শিকিব লাগে। তনুজাই বোম্বে আই আই টিত কমপিউটাৰ চায়েঞ্চ পঢ়িব বিচাৰে। লগতে কয় “মই গণিত আৰু কম্পিউটাৰ চায়েঞ্চ বহুত ভাল পাওঁ ৷ মই আইআই টি বোম্বেতেই এডমিশ্যন ল’ম ৷”

Exit mobile version