‘কৌন বনেগা ক্ৰোড়পতি’ত কম বয়সীয়া অমিতাভ বচ্চন

555107 lead

অতি শীঘ্ৰে টেলিভিছনৰ পৰ্দাত দেখা যাব জনপ্রিয় শ্ব’ ‘কৌন বনেগা ক্রোড়পতি’। প্রচুৰ জনপ্রিয়তা অর্জন কৰা এইঅনুষ্ঠানৰ দ্বাদশ সংস্কৰণৰ বাবে ইতিমধ্যেই চিত্রগ্রহণ আৰম্ভ কৰিছে । অনুষ্ঠান সঞ্চালক অমিতাভ বচ্চনে। কৰ’না অতিমাৰীৰ আতংকৰ মাজতে বর্ষীয়ান অভিনেতাজনে অতি সতর্কতাৰে চিত্রগ্রহণ আৰম্ভ কৰিছে ।

স্বাভাৱিকতে ইয়াকে লৈ মেগাষ্টাৰজনৰ অনুৰাগীসকলৰ মাজতাে চর্চা আৰম্ভ হৈছে। সম্প্রতি ‘কৌন বনেগা ক্রোড়পতি’ৰ ছেটত হােৱা কিছু তথ্য সদৰী কৰিলে সুদীর্ঘ ৪৭ বছৰে বিগ-বিৰ ৰূপসজ্জাৰ দায়িত্ব বহন কৰি অহা দীপকসাৱন্তে ।

বলিউদৰ অভিজ্ঞ ৰূপসজ্জাকজনে জনাইছে যে অমিতাভৰ বয়স বাঢ়িলেও এইবাৰ ‘কৌন বনেগা ক্রোড়পতি’ত তেওঁক দেখা যাব কম বয়সীয়া আৰু সুদর্শন ৰূপত। সাৱন্তে কয় যে অভিনেতাজনাে বচ্চনক নতুন ৰূপ এটা পাই তেওঁ অত্যন্ত সুখী হৈছে।

তেওঁ  কয়, “ওপৰৰ জনাই ক’লে, কিবা এটা নতুন কৰা। অনুষ্ঠানৰ প্ৰম’ত অমিতজীক যি ৰূপত দেখা গৈছে, অনুষ্ঠানত তাতকৈ ভিন্ন ৰূপত তেওঁক দেখা যা ব। এইবাৰ তেওঁক আগতকৈ কম বয়সীয়া আৰু সুদর্শন যেন পৰিলক্ষিত হ’ব । সচৰাচৰ তেওঁক সাজু কৰি তােলােতে ৪৫ মিনিট লাগে; কিন্তু এইবাৰ ৬০ মিনিটৰ প্রয়ােজন হৈছে ।”

সাৱন্তে লগতে সদৰী কৰে যে মেগাষ্টাৰজনৰ বয়সৰ প্রতি লক্ষ্য ৰাখিয়েই এইবাৰ চিত্রগ্রহণত মাত্রাধিক সতর্কতা অৱলম্বন কৰা হৈছে । আনকি প্রবীণ অভিনেতাজনাে এই ক্ষেত্ৰত যথেষ্ট সুখী ।

সাৱন্তে সদৰী কৰে যে চিত্রগ্রহণৰ আৰম্ভণিৰে পৰাই তেওঁ সকলাে সময়তে পিপিই কিট পৰিধান কৰি থাকিব লাগে । কিয়নাে মই তেওঁক স্পর্শ কৰিব লাগে । অমিতজীৰ পােছাকৰ দায়িত্বত থকা ‘ড্রেছৱালা’জনেও সকলাে সময়তে পিপিই কিট পিন্ধি থাকে। কোনােবা সময়ত তেওঁ আমাক ধমকো দিয়ে । তেওঁ প্রত্যেক বিষয়তে অত্যাধিক সচেতন। সকলাে সময়তে মাস্ক পৰিধান কৰি থাকিবলৈ দিয়ে।

কৰমর্দন কৰাটো এতিয়া নােহােৱা হৈছে। কোনেও কাকো সাৱটিও ধৰিব নােৱাৰে । মই আৰু অমিতজীয়ে অতি কমেইহে কথা পাতাে । এইবাৰ দর্শকৰ অভাৱ বাৰুকৈ অনুভৱ হৈছে । ৰূপসজ্জাকৰ সাৱন্তে লগতে সদৰী কৰে যে এইবাৰৰ অনুষ্ঠানত অন্যতম জনপ্রিয় দর্শকৰ ভােটৰ ব্যৱস্থা নাথাকে। অৱশ্যে সেই পর্ব ভিডিঅ’ বার্তাযােগে হ’ব পাৰে বুলিও তেওঁ সম্ভাৱনা ব্যক্ত কৰে।

Exit mobile version