কৰ’না মহামাৰীৰ মাজতে আজি দেশত অনুষ্ঠিত হৈছে NEET পৰীক্ষা

exam2 1

দেশত মহামাৰী কৰ’নাৰ মাজতে আজি অনুষ্ঠিত হৈছে NEET পৰীক্ষা । কৰ’নাৰ কাৰণে পৰীক্ষা অনুষ্ঠিত নকৰিবলৈ দেশৰ বিৰোধী দলসমূহে প্ৰতিবাদ কৰিছিল যদিও কেন্দ্ৰীয় চৰকাৰ নিজৰ স্থিতিত অটল হৈ আজি অনুষ্ঠিত কৰিছে NEET পৰীক্ষা ৷

আনকি NEET পৰীক্ষা অনুষ্ঠিত কৰা সন্দৰ্ভত একাংশ বিৰোধী নেতা উচ্চতম ন্যায়ালয়লৈ যায় যদিও ন্যায়ালয়ে সকলোৰে আবেদন খাৰিজ কৰে । JEE মেইন পৰীক্ষা আয়োজিত কৰাৰ পিছত NTA য়ে আজি সমগ্ৰ দেশত NEET পৰীক্ষা অনুষ্ঠিত কৰিছে।

শিক্ষা মন্ত্ৰণালয়ৰ অনুসৰি প্ৰায় ১৫.৯৭ লাখ ছাত্ৰই NEET পৰীক্ষাৰ কাৰণে নাম পঞ্জীয়ন কৰিছে ৷ JEE পৰীক্ষা অনলাইন হৈছিল যদিও NEET পৰীক্ষা কাগজে কলমে অনুষ্ঠিত হ’ব । কৰ’না মহামাৰীৰ মাজত আয়োজন কৰা NEET পৰীক্ষাৰ কাৰণে নেশ্যনেল টেষ্টিং এজেন্সীয়ে পৰীক্ষাৰ কেন্দ্ৰ বৃদ্ধি কৰে । যাতে সামাজিক দূৰত্ব বৰ্তাই ৰাখিব পাৰে।

NTA য়ে পৰীক্ষাৰ কেন্দ্ৰ ২,৫৪৬ টাৰ পৰা ৩,৮৪৩ টালৈ বৃদ্ধি কৰে । লগতে এটা কোঠাত পূৰ্বে ২৪ জন ছাত্ৰৰ বিপৰীতে কেৱল ১২ জন ছাত্ৰ-ছাত্ৰী বহিব। পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ সময় সকলোৰে ভিন্ন ৷ পৰীক্ষাৰ্থীসকলক পৰীক্ষা কেন্দ্ৰসমূহত মাস্ক আৰু ছেনিটাইজাৰ দিয়া হ’ব । পৰীক্ষাৰ্থীসকলৰ কাৰণে পৰিবহনৰ ব্যৱস্থা কৰিছে চৰকাৰে ৷

কোনো লক্ষণ নথকা ছাত্ৰ ছাত্ৰী আৰু ষ্টাফহে যাব পাৰিব পৰীক্ষা কেন্দ্ৰলৈ ৷ যাৰ শৰীৰত কৰ’নাৰ লক্ষণ আছে ৷ তেওঁক চিকিৎসালয়লৈ নিয়া হ’ব। আৰু সুস্থ হোৱাৰ পিছত পৰীক্ষা লোৱা হ’ব । NEET পৰীক্ষাৰ এডমিট কাৰ্ডত দিয়া কৰ’নাৰ নীতি নিয়ম সমূহ ছাত্ৰ-ছাত্ৰীয়ে মানি চলিব লাগিব  ৷ পৰীক্ষাৰ্থীসকলে কেৱল কাঁচৰ বটলত পানী আনিব পাৰিব । আৰু মাস্ক আৰু গ্ল’ৱছ পৰিধান কৰাটো বাধ্যতামূলক ৷

Exit mobile version